NORTHEAST NOW (Assamese)

কাজিৰঙাৰ প্ৰবীণ সাংবাদিক বাপকন দাসৰ পৰলোক প্ৰাপ্তি

December 22, 2017 4:18 pm · উত্তম শইকীয়া
Updated: December 22, 2017 4:22 pm

হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰাপক কাজিৰঙাৰ প্ৰবীণ সাংবাদিক, সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাপকন দাসৰ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰা বৰ্ষীয়ান সাংবাদিকগৰাকী দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল  ৷ উল্লেখযোগ্য যে কাজিৰঙাৰ প্ৰথমজন সাংবাদিক বাপকন দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬ বছৰ ৷ বৰ্ষীয়ান সাংবাদিক গৰাকীৰ মৃত্যুত পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ কাজিৰঙা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷ বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, কাজিৰঙা প্ৰেছ ক্লাৱ, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থা, ৱাইল্ড ভিউ ফাউণ্ডেশ্বন, কাজিৰঙা সন্ধ্যা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ জানিব পৰা মতে বাপকন দাসৰ মৃত্যুত শোক প্ৰকাশ কৰি কাজিৰঙা সন্ধ্যাই আজিৰ সাংস্কৃতিক অনুষ্ঠান বন্ধ ৰাখিছে।

 

Related News