কাজিৰঙাৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হৈছে তিনিটা গঁড়ৰ পোৱালি

২০১৬ চনত হোৱা বিধ্বংসী বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ কৰা তিনিটা মাইকী গঁড়ৰ পোৱালিক বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰক হস্তান্তৰ কৰা হৈছিল। শুকুৰবাৰে কেন্দ্ৰটোৱে বন্যপ্ৰাণী পুনৰ্সংস্থাপন কাৰ্যসূচীৰ অধীনত গঁড় পোৱালি তিনিটাক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰা হয়।

বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰ (চি ডব্লিউ আৰ চি) হৈছে এটা বন্যপ্ৰাণী উদ্ধাৰ, পালন আৰু পুনৰ্সংস্থাপন সুবিধা আগবঢ়োৱা এটা কেন্দ্ৰ।  এইটো পৰিচালিত হৈছে ভাৰতীয় বন্যপ্ৰাণী ন্যাস আৰু বন্যপ্ৰাণী কল্যাণৰ বাবে আন্তৰ্জাতিক পুঁজি তথা অসমৰ বন বিভাগৰ যৌথ সহযোগত।

কাজিৰঙাৰ কাষৰীয়া হালধীবাৰী, দেওপানী আৰু শিলডুবিৰ পৰা  চিডব্লিউআৰচিৰ ভ্ৰাম্যমান পশুচিকিৎসা সেৱা আৰু স্থানীয় লোকৰ সহায়ত বনকৰ্মীয়ে বানপানীৰ পৰা গঁড় পোৱালি তিনিটাক উদ্ধাৰ কৰিছিল।

এতিয়া পোৱালি তিনিটাক মানাহৰ নিৰীক্ষণ কেন্দ্ৰত ৰখা হ’ব আৰু কিছুদিন সাৱধানে নিৰীক্ষণ কৰাৰ পিছত সিহঁতক বনত এৰি দিয়া হ’ব।

‘’ এই গঁড়ৰ স্থানান্তকৰণে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ গঁড়ৰ সংখ্যা বৃদ্ধি কৰিব আৰু এইটোৱে নতুন পৰিৱেশত এই পোৱালিবোৰৰ আচৰণ সম্পৰ্কে গৱেষণা কৰাৰ সুযোগ মুকলি কৰিব,’’-এইদৰে কয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাণ্ডলিক বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই।

চিডব্লিউআৰচিৰ শীৰ্ষ পশু চিকিৎসক ড০ প্ৰানজিৎ বসুমতাৰী, পশু চিকিৎসক ড০ ছামছুল আলী আৰু জন্তু সংৰক্ষকৰ এটা দলে এই পোৱালি তিনিটাক কেন্দ্ৰটোত ভৰ্তি কৰাৰে পৰা চোৱাচিতা কৰি আহিছিল।

‘’ অসমৰ বন বিভাগৰ লগতে অসংখ্য বন্যপ্ৰেমী আৰু শুভচিন্তকৰ  আন্তৰিক সহযোগত আজি আমাৰ চিডব্লিউআৰচি পৰম আনন্দিত। আমি উদ্ধাৰ কৰা পোৱালি কেইটাক সহায় কৰিবলৈ সক্ষম হৈছো। এতিয়া, আমি সিহঁতক আমাৰ গঁড় পুনৰ্সংস্থাপন নিয়মৰ মাজেৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দি পুনৰ বনৰ মাজলৈ পঠিয়াব খুজিছো। এই তিনিওটা গঁড় পোৱালিয়ে সুস্বাস্থ্যবান আৰু মুকলি কৰি দিয়াৰ পিছত সহজতে চিনাক্ত কৰিবলৈ কানত চিহ্ন যুক্ত কিৰ ৰখা হৈছে,’’-ড০ বসুমতাৰীয়ে কয়।