কাজিৰঙাৰ বচাগাঁৱত ৩৭ নং ৰাষ্ট্ৰীয় পথত ইয়ন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ : চাৰিজন আহত

Bokakhat accident injured

আঘাটপ্ৰাপ্ত সকলৰ এগৰাকী

কাজিৰঙাৰ বচাগাঁৱত আজি সন্ধ্যা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুজন লোক গুৰুত্বৰ ভাৱে আহত হৈ চিকিৎসাধীন হব লগা হয় ৷

প্ৰাপ্ত তথ্য মতে আজি সন্ধিয়া গোলাঘাটৰ পৰা তেজপুৰলৈ বুলি গৈ থকা এ এছ ০৩ এম – ১০৩৭ নম্বৰৰ ইয়ন গাড়ীখন কাজিৰঙাৰ বচাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়৷

যাৰ ফলত ইয়ন গাড়ীখনত থকা চাৰফৰাজ কালিম আজাদ, মেহজবিন বেগম, আলমবীৰ আলী আৰু কালিমুল্লা আজাদ গুৰুতৰভাৱে আহত হয় ৷

আহত কেউজনকে বোকাখাত অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ আনহাতে আহত লোক কেইজনৰ ভিতৰত আলমবীৰ আলীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে তেওঁক ইতিমধ্যে উচ্চ চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

অৱশ্যে বাকী তিনিজনৰ অৱস্থা বৰ্তমান সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।