কাজিৰঙাৰ শিলডুবিত খড়গ বিহীন অৰ্ধগলিত গঁড়ৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিদিনে চোৰাংচিকাৰীৰয়ে অব্যাহত ৰাখিছে এশিঙীয়া গঁড়ৰ নিধন কাৰ্য। শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলডুবি বন শিবিৰৰ বন কৰ্মীয়ে ৮ জুনৰ বিয়লি পুনৰ এটা খড়গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰিছে।

উল্লেখযোগ্য যে অৰ্ধগলিত মৃত গঁড়টোৰ ইতিমধ্যে চোৰাংচিকাৰীয়ে খড়গ লৈ গৈছে। গঁড়টোক  ২৯ মে’ৰ নিশা চোৰাংচিকাৰীয়ে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে আৰু তাৰে পাচৰে পৰা মৃত গঁড়টোৰ সন্ধানত বন কৰ্মীয়ে অভিযান ৰাখিছিল আৰু অৱশেষত শুকুৰবাৰৰ দিনা খড়গ বিহীন গঁড়টো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে ঘটনাস্থলীৰ পৰা বন কৰ্মীৰ দলে ৩০৩ ৰাইফলৰ ব্যৱহৃত গুলীও উদ্ধাৰ কৰিছে।

ইতিমধ্যে গঁড় হত্যাৰ ঘটনাৰ লগত জড়িত চোৰাংচিকাৰীক আটক কৰিবৰ বাবে অভিযান আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ফলত আজি ঘটনাস্থলীত অভিযান আৰম্ভ কৰাৰ উদ্দেশ্যে উপনীত হৈছে ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া।

উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় গঁড়ৰ খড়গৰ অভাৱনীয় চাহিদাৰ বাবেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে গঁড় নিধন কাৰ্য কাৰ্য অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।