কাজিৰঙা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বন কৰ্মীলৈ মটৰ চাইকেল প্ৰদান বিশ্ব প্ৰকৃতি নিধিৰ

কাজিৰঙাৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলক বিশ্ব প্ৰকৃতি নিধিৰ কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপৰ উদ্যোগত আজি ৬ খন হিৰো হোণ্ডা মটৰ চাইকেল অৰ্পণ কৰা হয় ৷

সংমণ্ডলটোৰ বিষয়া কৰ্মচাৰীৰ উপৰি বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপস্থিতিত  আজি পুৱা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাতত থকা কাৰ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত সংমণ্ডলটোৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ হাতত উক্ত মটৰ চাইকেল ৬ খন অৰ্পণ কৰে বিশ্ব প্ৰকৃতি নিধিৰ জ্যেষ্ঠ সমন্বয়ক ড০ প্ৰনৱ জ্যোতি বৰাই ৷

বনাঞ্চলৰ কাষৰীয় হাতী-মানুহৰ সংঘাত থকা অঞ্চলৰ লগতে কাজিৰঙাৰ পৰা ওলায় যোৱা গঁড়ৰ সুৰক্ষাৰ বাবে ব্ৰহ্মপুত্ৰৰ চাপৰি বোৰত কাম কৰাৰ সুবিধাৰ উপৰিও চোৰাংচিকাৰ প্ৰতিৰোধত সহায় হোৱাকৈ বন কৰ্মীৰ বাবে এই মটৰ চাইকেল সমূহ বন বিভাগক দিয়া হৈছে বুলি জনাই বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰাই ৷

মটৰ চাইকেল কেইখনে বনকৰ্মী সকলক যথেষ্ট পৰিমাণে সহায় কৰিব বুলি কৈ বন সংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই মটৰ চাইকেল প্ৰদান কৰাৰ বাবে বিশ্ব প্ৰকৃতি নিধিক ধন্যবাদ জনায় ৷

পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে নগাঁও বন সংমণ্ডলক ২ খন আৰু কাৰ্বি আংলং জিলাৰ হামৰেণ বন সংমণ্ডলক ২ খন মটৰ চাইকেল প্ৰদান কৰে।

উল্লেখযোগ্য যে প্ৰকৃতি সংগঠনটোয়ে ইয়াৰ পূৰ্বেও ২০১৬ – ১৭ বৰ্ষত গোলাঘাট বন সংমণ্ডলৰ বন কৰ্মীক ১০ খন , পূব কাৰ্বি আংলং বন সংমণ্ডলক ৮ খন, পূব নগাওঁ বন সংমণ্ডলক ৮ খন আৰু নগাঁও বন্যপ্ৰাণী সংমণ্ডলক ৩ খনকৈ মটৰচাইকেল প্ৰদান কৰিছিল ৷