NORTHEAST NOW (Assamese)

কামাখ্যাত ৰাজ্যখনৰ দ্বিতীয়টো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্য মন্ত্ৰী সোণোৱালৰ

May 31, 2018 5:41 pm · এন ই নাও নিউজ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কামাখ্যাত ৰাজ্যখনৰ দ্বিতীয়টো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন কৰে।

২X৪০ এম ভি এ, ১৩২/৩৩ কে ভি গেছ ইনছুলেটেড উপকেন্দ্ৰটো উদ্বোধন কৰি তেওঁ কয়, ‘বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ জৰিয়তে সমাজ আৰু ৰাষ্ট্ৰক উজলাই তুলিবলৈ হ’লে শক্তি বিভাগে শক্তিশালী ভূমিকা গ্ৰহণ কৰিব লাগিব।‘

এই ক্ষেত্ৰত তেওঁ ‘ৰাজ্যখনৰ শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ যথেষ্ট দক্ষতা আছে’ বুলি উল্লেখ কৰি কয়, ‘এই দক্ষতাৰ উপযুক্ত প্ৰয়োগৰ জৰিয়তে বিভাগটোক অধিক গতিশীল কৰি সমাজ জীৱনক দ্ৰুততাৰে আগুৱাই নিয়াৰ বাবে কাম কৰিব লাগিব।‘

দেশৰ প্ৰতিটো পৰিয়াললৈ বিদ্যুৎ সংযোগ নিশ্চিত কৰাৰ বাবে প্ৰদান মন্ত্ৰীয়ে শক্তি খণ্ডত বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ ৰাজ্যৰ প্ৰতিটো পৰিয়ালে যাতে নিশ্চিতভাৱে বিদ্যুৎ শক্তি লাভ কৰিব পাৰে তাৰ বাবে শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান জনায়।

ইয়াৰ উপৰি তেওঁ অনুষ্ঠানটোত ৰাজ্যখনত হাইড্ৰ’, থাৰ্মেল আৰু গেছ ভিত্তিক শক্তি উৎপাদনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস কৰিছে বুলিও মন্তব্য কৰে।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে কয় যে দিনে-নিশাই বিদ্যুৎ যোগান নিশ্চিত কৰাৰ লগতে আধুনিক প্ৰযুক্তিৰে শক্তি বিভাগটোক গতিশীল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আজিৰ এই উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বুজৰবৰুৱা আৰু উপাধ্যক্ষ নবদ্বীপ কলিতা, এ ই জি চি এলৰ অধ্যক্ষ জিষ্ণু বৰুৱা আৰু পৰিচালন সঞ্চালক সত্যেন্দ্ৰ নাথ কলিতা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

Related News