কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ বিদ্যানগৰৰ ভূমি বিবাদক লৈ অব্যাহত উত্তেজনা

Fire

প্ৰতিনিধিত্বমূলক ফটো

বৃহস্পতিবাৰে কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ বিদ্যানগৰত ভূমি বিবাদক লৈ দুই ফৈদৰ মাজত এক সংঘৰ্ষত জাহিদুল ইছলামৰ মৃত্যু হোৱাতআজি (শুকুৰবাৰ) উত্তেজিত জনতাই হত্যাকাৰীৰ ঘৰ জ্বলাই দিয়ে। যাৰ ফলত অঞ্চলটোত এক উত্তেজনা তথা চাঞ্চল্যৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ বিদ্যানগৰত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত এক সংঘৰ্ষৰ সৃষ্টি হয়। যাৰ ফলত তিনিজলকৈ ব্যক্তি গুৰুতৰভাৱে আহত হৈছিল। পিছত আৰক্ষীয়ে আহত কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল।

কিন্তু ইয়াৰে গুৰুতৰ ভাৱে আহত হোৱা জাহিদুল ইছলাম নামৰ লোকজনে জি এম ছি এইচতে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লোৱাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।

এটা সময়ত উত্তেজিত জনসাধাৰণে বৃহস্পতিবাৰে নিশা মাৰপিটৰ লগত জড়িত আক্কেছ আলীৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে আন কেইবাটাও ঘৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে।

অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানেও অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ আছে বুলি জানিব পৰা গৈছে।

ইফালে ভূমি বিবাদৰ লগত জড়িত ৰুস্তম হুছেইন, ইয়াছিন হুছেইনৰ লগতে আন এজন অভিযুক্তক আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।