কামৰূপ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিষয়াৰ অবিবেচকী কাণ্ডত ক্ষুব্ধ মহানগৰবাসী

পৰিবহণ

গুৱাহাটী কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিষয়াৰ অবিবেচকী কাণ্ডৰ ফলত মহানগৰীত দৈনন্দিন যাতায়াত ব্যৱস্থাত বেমেজালিৰ সৃষ্টি হৈছে। মহানগৰৰ গুৰুত্বপূৰ্ণ আৰু অতি ব্যস্ত পথসমূহত এতিয়া যাত্ৰীসকলে চিটিবাছৰ বাবে হাহাকাৰ কৰিব লগা হৈছে মহানগৰবাসী।

উল্লেখযোগ্য যে চুবুৰীয়া নাগালেণ্ড আৰু মণিপৰুৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰ পৰা ৮০০ ৰো অধিক বাছ অধিগ্ৰহণ কৰাৰ ফলত যাতায়াত ব্যৱস্থাত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে মহানগৰীৰ সাধাৰণ ৰাইজ।

পৰিবহণ বিভাগৰ তৰফৰ পৰা জানিব পৰা মতে গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্যৰ নিৰ্বাচনৰ বাবে চিটিবাছৰ লগতে ট্ৰেভেলাৰ, উইংগাৰ আদি সহস্ৰাধিক বিভিন্ন বাহন অধিগ্ৰহণ কৰি লৈ যোৱা হৈছে। ১৪ ফেব্ৰুৱাৰিতে অধিগ্ৰহণ কৰা এই বাহন সমূহ ১ মা্ৰ্চৰ পাছতহে গুৱাহাটীলৈ ঘূৰি আহিব। যাৰ ফলত মহানগৰীৰ নাগৰিকে প্ৰত্যেক দিনাই যাতায়তৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। পৰিবহণ বিভাগৰ এনে অবিবেচকী কাৰ্যত ক্ষুব্ধ হৈ পৰিছে মহানগৰবাসী।