কামৰূপ মহানগৰ জিলাত শীঘ্ৰে আৰম্ভ হ’ব আধাৰ প্ৰস্তুতকৰণৰ কাম

উপায়ুক্ত অংগমুথুৰ সৈতে হোৱা বৈঠক

কামৰূপ মহানগৰ জিলাত আধাৰ কাৰ্ড কাৰ্যকৰীকৰণৰ সন্দৰ্ভত শণিবাৰে মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত আধাৰ কাৰ্যকৰীকৰণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। কামৰূপ মহানগৰ উপায়ুক্ত তথা জিলা আধাৰ কাৰ্যকৰীকৰণ সমিতিৰ সভাপতি ড০ এম অংগমুথুৱে জিলাখনত মুঠ ৪২টা কেন্দ্ৰত আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা হ’ব বুলি জনায়।

চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত স্থাপন কৰিবলগীয়া এই ৪২ টা কেন্দ্ৰৰ স্থান নিৰ্ধাৰণৰ বাবে উপায়ুক্তই সভাত নিৰ্দেশ দিয়ে।

জিলাখনত আধাৰ কাৰ্ডৰ সময়ত নিৰাপত্তাজনিত দিশটো চোৱা চিতা কৰাৰ বাবে জিলা উন্নয়ন আয়ুক্ত আৰু মহানগৰ আৰক্ষীৰ উপ-আয়ুক্তক অংগমুথুৱে নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি কোনো ব্যক্তি তথা সংস্থাই যাতে আধাৰ কাৰ্ডৰ নামত জালিয়তি কৰিব নোৱাৰে তাৰ প্ৰতিও চোকা নিজৰ ৰাখিবলৈ উক্ত সভাতে সকলোকে আহ্বান জনায়।

আধাৰ নামভৰ্তি কেন্দ্ৰসমূহত নিয়োগ হ’বলগীয়া বিষয়াসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ উপৰি আধাৰ প্ৰস্তুতকৰণৰ বিষয়টো গুৰুত্বসহকাৰে লবলৈও আহ্বান জনায় উপায়ুক্তগৰাকীয়ে।

আনহাতে জিলাখনত ক্ষীপ্ৰতাৰে আধাৰ প্ৰস্তুতকৰণৰ কাম সম্পন্ন কৰাৰ বাবে বিভিন্ন বেংকৰ মুঠ ৪০০ শাখাতো আধাৰ প্ৰস্তুতকৰণৰ কাম আৰম্ভ কৰাত অংগমুথুৱে গুৰুত্ব আৰোপ কৰিছে।

শণিবাৰে অনুষ্ঠিত হোৱা সভাখনত জিলা উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মা, আৰক্ষী উপ-আয়ুক্ত ড০ বেদান্ত মাধৱ ৰাজখোৱা, এল ডি এম এ গাংগুলীকে ধৰি আন বহুতো বিষয়া উপস্থিত আছিল।