NORTHEAST NOW (Assamese)

কামৰূপ মেট্ৰ’ত সম্পূৰ্ণ হোৱাৰ পথত নাগৰিকপঞ্জীৰ নথি-পত্ৰ পুনৰীক্ষণৰ কাম

December 4, 2017 10:29 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:

সমগ্ৰ ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম দ্ৰুতগতিত চলি থকাৰ সমান্তৰালকৈ কামৰূপ মেট্ৰ’তো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত নাগৰিক পঞ্জীৰ নথি-পত্ৰৰ পুনৰীক্ষণৰ কাম। ৰাজ্যৰ সকলো জিলাৰে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী ঘৰে ঘৰে গৈ নথি-পত্ৰ সমূহ নিৰীক্ষণ কৰিছে।  জানিব পৰা মতে কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে বৰ্তমানলৈকে ৭,১৬,২২৫ খন নথি পুনৰীক্ষণৰ কাম কাজ সম্পূৰ্ণ কৰিছে।

উল্লেখযোগ্য যে চলিত মাহৰ ১ তাৰিখৰ পৰা আৰম্ভ হোৱা নথি পত্ৰ নিৰীক্ষণৰ কাম-কাজৰ প্ৰায় ৯৩ শতাংশ কম কাজ সম্পূৰ্ণ কৰিছে কামৰূপ জিলা প্ৰশাসনে।  কামৰূপ মেট্ৰ’ৰ পাঁচটা ৰাজহ চক্ৰ আৰু ৭৮ টা এন আৰ চি সেৱা কেন্দ্ৰ সামৰি এই প্ৰক্ৰিয়া চলি আছে। দেওবাৰে  কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে  প্ৰায় ২৮১ টা গোট গঠন কৰা হৈছে আৰু সেই গোট সমূহে ঘৰে ঘৰে গৈ নথি পত্ৰ সমূহ পুনৰীক্ষণ কৰিব। জিলা দণ্ডাধীশৰ হৈ এই গোটসমুহে ঘৰে ঘৰে গৈ  নাগৰিকপঞ্জীৰ আবেদনৰ সৈতে জমা দিয়া নথি পত্ৰসমূহ পুনৰীক্ষণ কৰিব। উল্লেখযোগ্য যে এখন শুদ্ধ আৰু প্ৰকৃত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে প্ৰশাসনে প্ৰায় ১১০০ লোকক ঠিকাভিত্তিক কামৰ বাবে নিয়োগ কৰিছে।

 

Related News