• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কাল্পনিক কিন্তু অলীক নহয় অসমত বিকল্প চৰকাৰৰ সম্ভাৱনা

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
June 6, 2018 5:29 pm
BJP-BPF-copy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত অসমত সৃষ্টি হোৱা গণ আন্দোলনমুখী পৰিৱেশটোৱে বৰ্তমান শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক অস্থিৰ কৰি তোলাৰ সম্ভৱনা নুই কৰিব নোৱাৰি। কেন্দ্ৰীয় চৰকাৰৰ হিন্দু শৰণাৰ্থীক সংস্থাপনৰ পৰিকল্পনাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰাৰ আশংকাত অঞ্চলটোত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। বহু সাধনা আৰু ত্যাগৰ বিনিময়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নিজৰ ভেটি স্থাপন কৰিবলৈ সক্ষম হোৱা বিজেপি দলৰ বাবে ইয়াক ধৰি ৰখাটো ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিয়নো বিশেষকৈ অসমত দলটোৱে কংগ্ৰেছৰ সুদৃঢ় ভেটি উফৰাই শাসনলৈ অহাটো অত্যন্ত তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছিল।

সাম্প্ৰতিক পৰিস্থিতিত অসমত বিজেপি চৰকাৰখনে ইয়াৰ খোপনি হেৰুৱাবলৈ আৰম্ভ কৰিছে নেকি? এই প্ৰশ্নটো এতিয়া বিজেপি দলটোৱে বিচাৰ কৰি চোৱাৰ সময় আহি পৰিছে। বিজেপিৰ একাংশ নেতাই মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদ দল সম্পৰ্কে কৰা শেহতীয়া কটূ মন্তব্যবোৰে বিজেপিৰ বাবে সংকটৰ সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে। তদুপৰি তেওঁলোকে অগপৰ প্ৰতি পোষণ কৰা মনোভাৱ মিত্ৰজোঁটৰ আন দলৰ প্ৰতিও একেই হ’ব বুলি ধাৰণা কৰিব পাৰি। কিয়নো বিজেপিৰ মিত্ৰদল আঞ্চলিকতাবাদী দৰ্শনৰ দ্বাৰা পৰিচালিত হোৱালৈ চাই সকলোৰে বাবে দলটোৰ দৃষ্টিভংগী প্ৰায় একেই। ক্ষমতাৰ ৰাজনীতিত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ লগত মিত্ৰতা কৰা দলসমূহে নিজস্বতা হেৰুওৱাটো কোনো নতুন কথা নহয়। ইতিমধ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি দেশৰ বহু ক্ষুদ্ৰ ৰাজনৈতিক দল কংগ্ৰেছত জীণ গৈছে। একেদৰে বিজেপিৰো নীতি একেই। ক্ষমতাৰ ৰাজনীতিৰে মিত্ৰতাত আবদ্ধ হ’লেও মিত্ৰদলসমূহক তেওঁলোকে বিশ্বাসত নলয়।

অসমত অগপৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰি বিজেপি বহু সমষ্টিত লাভৱান হোৱাই নহয়, তেওঁলোকে এখন চৰকাৰৰ নেতৃত্ব দিব পৰা শক্তিও লাভ কৰিলে। অসমৰ জাতীয়তাবাদী শিৱিৰৰ পূৰ্ণ সমৰ্থন লাভ কৰা বিজেপি দলে এতিয়া অসমীয়া জাতীয়তাবাদৰ প্ৰতি ভেঙুচালি কৰিব আৰম্ভ কৰিছে। অসমৰ জনসাধাৰণৰ প্ৰতিবাদী ভাষা যদি তেওঁলোকে বুজি পোৱা নাই তেতিয়াহ’লে আগন্তুক দিনত দলটো যে সংকটৰ সন্মুখীন হ’ব সেয়া খাটাং। ৰাজ্যখনৰ প্ৰায়বোৰ জাতীয় সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত একত্ৰিত হৈছে। ইয়াৰ বিপৰীতে বিজেপি দলে ইয়াক ৰাষ্ট্ৰীয়তাবাদ বিৰোধী হিচাপে অভিহিত কৰিব বিচাৰে। কিন্তু ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক জনসাধাৰণৰ মতক উপেক্ষা কৰি বিজেপিয়ে আগবাঢ়িব খুজিলে দলত খহনীয়া আৰম্ভ হোৱাটো প্ৰায় নিশ্চিত।

বৰ্তমান অসমৰ বিজেপি দলটো অসমৰ জাতীয়তাবাদী নেতাৰ সংখ্যা গৰিষ্ঠতাৰে গঠিত। কাইলৈ যদি নাগৰিকত্ব বিধেয়কক লৈ চৰকাৰখনত বিভাজন ঘটে তাত জাতীয়তাবাদী শিৱিৰক প্ৰতিনিধিত্ব কৰা কমেও ৩৫ জন বিধায়ক ওলাব যিয়ে জাতীয় স্বাৰ্থত চৰকাৰৰ পৰা ওলাই অহাৰ বাবে প্ৰস্তুত হ’ব। জাতি-মাটি-ভেটিৰ প্ৰতি দায়বদ্ধ এনে জনপ্ৰতিনিধিসকলে জনসাধাৰণৰ আস্থা লাভ কৰাৰ লগতে তেওঁলোকৰ পক্ষত অৱস্থান কৰিবলৈ আঞ্চলিকতাবাদী শক্তি আছেই। অগপ আৰু বিপিএফৰ সমৰ্থন যে তেওঁলোকে লাভ কৰিব সেয়া অনুমেয়। এই মুহূৰ্তত অসমৰ জাতীয়তাবাদী শিৱিৰৰ শক্তিশালী স্থিতিৰ পৰিপ্ৰেক্ষিতত এই নতুন মিত্ৰজোঁটৰ সম্ভাৱনা লাহে লাহে বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ নেতৃত্ব কোনে দিব সেই প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ।

স্বাভাৱিকতে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জাতীয় স্বাৰ্থত আপোচ নকৰাৰ কথা কৈ আহিছে। আনকি অসমৰ স্বাৰ্থত পদবীৰ প্ৰতি মোহ ত্যাগ কৰিবলৈকো তেওঁ প্ৰস্তুত থকাৰ কথা কৈছে। তদুপৰি এই সময়ত অসমৰ জাতীয়তাবাদী শিৱিৰক প্ৰতিনিধিত্ব কৰি চৰকাৰ এখনৰ নেতৃত্ব ল’ব পৰা নেতা সন্মুখত নাই। অগপ দলৰ মাজত তেনে অবিসম্বাদী নেতা নাই। বাকী বিপিএফে বড়োলেণ্ডৰ স্বাৰ্থত সহযোগী দলৰ ভূমিকা পালন কৰিবলৈ প্ৰস্তুত থাকিব। এইক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ গ্ৰহণযোগ্যতাই সৰ্বাধিক বুলি বিবেচিত হ’ব যদিহে তেনে কোনো পৰিস্থিতিৰ উদ্ভৱ হয়। এইক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকা বিশেষ তাৎপৰ্যপূৰ্ণ নহয়। কিয়নো ৰাষ্ট্ৰীয়তাবাদী দল হিচাপে ইয়াৰ বিশ্বাসযোগ্যতা বিজেপিৰ তুলনাত অধিক বুলি ভৱাৰ অৱকাশ নাই। একেদৰে এআইইউডিএফ কোনো ক্ষেত্ৰতে নতুন মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ অংক নাই। এই দলে অৱশ্যে যিকোনো চৰকাৰী পক্ষত থকাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিব।

পৰিস্থিতিয়ে দাবী কৰিলে এখন বিকল্প চৰকাৰ গঠনৰ সম্ভাৱনা অৱশ্যেই আছে। কিন্তু ইয়াৰ নেতৃত্ব বৰ্তমানৰ অগপ বা আন কোনো দলে নহয়, বৰঞ্চ বিজেপিৰ কোনো নেতৃত্বৰ উদ্যোগতহে সম্ভৱ। নিশ্চিতভাৱে বিজেপি দলে এই সুযোগ দিয়াৰ সম্ভাৱনা কম। কিয়নো অসমত দলটোৱে ক্ষমতা হেৰুৱালে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিজেপিৰ ভেটি থৰক-বৰক হৈ পৰিব আৰু সেইটো বিজেপি সহজতে হ’ব দিব নোৱাৰে। কিন্তু শেহতীয়াভাৱে অসমত বিৰাজ কৰা ৰাজনৈতিক পৰিস্থিতিটোৰ প্ৰতি লক্ষ্য কৰি এটা কথা ক’ব পাৰি যে বিকল্প চৰকাৰ এখন গঠনৰ সম্ভাৱনা আজি কাল্পনিক যেন লাগিলেও এয়া অলীক কল্পনা বুলি ক’ব নোৱাৰি।

বিজেপিয়ে অসমৰ জাতীয়তাবাদী জনসাধাৰণৰ আবেগ-অনুভুতিক সন্মান জনাই সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যখনত বিজেপিৰ স্থিতি দৃঢ় হোৱাই নহয় দলটোৱে ইয়াত এটা দীঘলীয়া ইনিংছ খেলিব পাৰিব। আনহাতে, অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী কাম কৰিলে ইয়াৰ স্থায়িত্বও ক্ষন্তেকীয়া হৈ পৰিব। তদুপৰি, গুৰুত্বপূৰ্ণ কথাটো হ’ল কংগ্ৰেছী সংস্কৃতিৰে লালিত-পালিত হৈ অহা নেতাতকৈ জাতীয়তাবাদী ভাৱধাৰাৰ নেতাৰ প্ৰতি আস্থাশীল হ’লেহে দলটো মজবুত হ’ব। একেদৰে দীৰ্ঘদিন বিজেপিক প্ৰতিনিধিত্ব কৰি আহিও অসমৰ জনসাধাৰণৰ চিন্তা-চেতনাৰ উমান ল’ব নোৱাৰা নেতাসকলক দলে নিয়ন্ত্ৰন কৰাই নহয়, প্ৰয়োজনবোধে দলীয় মঞ্চত এলাগী কৰি ৰখাটোও কিন্তু সময়ৰে দাবী।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd