NORTHEAST NOW (Assamese)

কাৰাগাৰতে জেৰা কৰাৰ অনুমতি : কাৰাগাৰতো ৰেহাই নাপায় ৰাকেশ পাল, ড০ বসন্ত দলে, মুচাৰফ হুছেইনে

June 27, 2018 7:39 am · এন ই নাও নিউজ
Updated: June 27, 2018 7:41 am

বিশেষ ন্যায়াধীশৰ আদালতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষি উন্নয়ন বিষয়া বাছনি কেলেংকাৰিৰ অভিযুক্তসকলক কাৰাগাৰৰ ভিতৰতে জেৰা কৰাৰ অনুমতি দিয়াৰ পিছত এওঁলোক কাৰাগাৰৰ ভিতৰতো জেৰাৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে।

ফলস্বৰূপে ৰাকেশ পাল, ড০ বসন্ত দলে, মুচাৰফ হুছেইনক মহানগৰ আৰক্ষীয়ে কাৰাগাৰৰ ভিতৰতে জেৰা কৰিব পাৰিব।

উল্লেখযোগ্য যে তিনিওজনৰ বিৰুদ্ধে কৃষি উন্নয়ন বিষয়া বাছনিত কেলেংকাৰি কৰাৰ অপৰাধত মহানগৰীৰ ভঙাগড় থানাত গোচৰ ৰুজু হৈ আছে।

গোচৰটোত তিনিওজন অভিযুক্তক জেৰা কৰাৰ বাবে মঙলবাৰে বিশেষ ন্যায়াধীশৰ আদালতে মহানগৰ আৰক্ষীক অনুমতি দিয়ে। জানিব পৰামতে এতিয়াৰ পৰা প্ৰয়োজনত ডিব্ৰুগড় আৰক্ষীয়েও তিনিওজনক জেৰা কৰিব পাৰিব।

জানিব পৰা মতে কৃষি উন্নয়ন বিষয়া বাছনিৰ কেলেংকাৰিৰ দৰে এ পি এছ চিৰ কেলেংকাৰিৰ বাবেও তিনিওজনক জেৰাৰ প্ৰয়োজন হৈছে ডিব্ৰুগড় আৰক্ষীক।

Related News