কাৰাগাৰৰ পৰা মুকলি হোৱাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী জীৱনলৈ উভতি আহিল কৃষক নেতা অখিল গগৈ

কাৰাগাৰৰ পৰা মুকলি হৈ অহাৰ ২৪ ঘণ্টাৰ পিছতেই আকৌ নিজৰ সংগ্ৰামী ক্ষেত্ৰলৈ উভতিল কৃষক নেতা অখিল গগৈ। বুধবাৰে কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ অহা অখিল গগৈৰ ভৱিষ্যৎ কাৰ্যপন্থা সম্পৰ্কে সকলো জল্পনা কল্পনাৰ অন্ত পলাই আজি কৃষক নেতাগৰাকীয়ে উপস্থিত হয়হি গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত এখন নাগৰিক অভিৱৰ্তনত।

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত আহ্বান কৰা নাগৰিক অভিৱৰ্তনৰ আহ্বায়কসকলৰ ভিতৰত আছে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, উদয়াদিত্য ভৰালী, জ্যোতি প্ৰসাদ শইকীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি। এই অভিৱৰ্তনৰ বিষয় হৈছে নাগিৰকত্ব আইন, ১৯৫৫ সংশোধনৰ বিৰুদ্ধে জনমত গঠন কৰা। সংসদৰ শীতকালীন অধিৱেশনতে এই সম্পৰ্কত সংশোধনী বিধেয়ক অনাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ ফলত বিভিন্ন জাতীয় দল সংগঠনক ইয়াৰ বিৰুদ্ধে একগোট হৈ প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে বিশিষ্ট ব্যক্তিসকলে।

কালি অখিল গগৈয়ে মুক্তি লাভ কৰাৰ পিছতে সংবাদ মাধ্যমক জনাইছিল যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তেওঁ বিৰোধিতা কৰি যাব। বৰ্তমান কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনে অসমত হিন্দু বালাংদেশী জাপি দিয়াৰ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰিছে। কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছত তেওঁ পুনৰ জাতীয় সমস্যাক লৈ আন্দোলনত নামিব বুলি ঘোষণা কৰিছিল।

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলি থকা অভিৱৰ্তনত উপস্থিত হৈ অখিল গগৈয়ে তেওঁৰ স্থিতি ষ্পষ্ট কৰিলে। তেওঁ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে যে জাতীয় স্বাৰ্থৰ প্ৰশ্নত তেওঁ সমভাৱাপন্ন দল-সংগঠন তথা ব্যক্তিৰ সৈতে একেলগে আগবাঢ়িবলৈ প্ৰস্তুত।

আজি লক্ষীধৰ বৰা ক্ষেত্ৰত অখিল গগৈক পুৰণি বন্ধু কমল মেধিৰ সৈতে একেলগে দেখা পোৱা গ’ল। দুয়োজনে কিছু কথা বিনিময় কৰাৰ লগতে এনেধৰণৰ জাতীয় প্ৰশ্নত তেওঁলোক আকৌ এবাৰ সহযোগী হ’ব নেকি সেইটোৱে বিভিন্নজনৰ মনত কৌতুহলৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এসময়ত কৃষক মুক্তিৰ নেতা হিচাপে দুয়োজনে একেলগে বহু আন্দোলনৰ গুৰি ধৰিছিল। কিন্তু হঠাৎ দুয়োজনৰ মাজত হোৱা মনোমালিন্যৰ বাবে কমল মেধিয়ে কৃষক মুক্তি এৰি যায়। বৰ্তমান তেওঁ অসমত আম আদমী পাৰ্টিৰ নেতৃত্বত আছে।