• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলং জিলাৰ পাহাৰত চলা অবৈধ শিল খননে সংকট কঢ়িয়াই আনিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 20, 2018 12:14 pm
2fcc418e-1e67-46bc-a27b-2248fc33feb9
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্ব আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণে অৱস্থিত কাৰ্বি আংলং জিলাৰ প্ৰসাৰিত পাহাৰীয়া বনাঞ্চলৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য৷ বাৰিষাৰ দিনত কাজিৰঙা প্লাৱিত হ’লে বিগত সময় তথা যুগ যুগ ধৰি কাজিৰঙাৰ বন্যপ্ৰাণীয়ে উক্ত পাহাৰতে আশ্ৰয় গ্ৰহন কৰি আহিছে৷

কিন্তু শেষতীয়াকৈ কাৰ্বি আংলং জিলাৰ স্বায়ত্ব শাসিত পৰিষদ আৰু জিলাখনৰ একাংশ বন বিষয়াৰ অদূৰদৰ্শিতা আৰু দায়িত্বহীনতাৰ লগতে দুৰ্নীতিক প্ৰশ্ৰয় দিয়াৰ বাবেই কাজিৰঙাৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ এই পাহাৰীয়া বনাঞ্চলত অবাধে বন ধ্বংস চলিছে৷ বনাঞ্চলৰ মূল্যবান গছ সমূহ কাটি কাঠৰ চোৰাং ব্যৱসায়,  নীতি বিৰুদ্ধভাৱে প্ৰসাৰিত কৰা চাহ বাগিছা আৰু শিলৰ অবৈধ আৰু অনিয়ন্ত্ৰিত খননে ইতিমধ্যেই পাহাৰ ধ্বংস কৰাৰ লগতে কাজিৰঙাৰ বাবেও ভয়ঙ্কৰ বিপদ কঢ়িয়াই আনিছে৷

কিয়নো এনেবোৰ কাৰ্যৰ বাবেই কাজিৰঙাৰ পৰা কাৰ্বি পাহাৰলৈ বন্যপ্ৰাণীয়ে যাতায়ত কৰা কেইটামান অতি গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰ ইতিমধ্যেই বন্ধ হৈ পৰিছে৷ ফলত কাজিৰঙাৰ দাতি কাষৰীয়া অঞ্চল সমূহত মানুহ আৰু বনৰীয়া প্ৰাণীৰ সংঘাট বৃদ্ধি পাইছে৷

পাহাৰত হোৱা ভয়ানক শিলখননৰ বাবে বৰষুণৰ পানীৰ লগত নামি অহা শিল মাটিৰ ঢলে কাজিৰঙাৰ বহু জান জুৰি ক্ৰমান্বয়ে পুতি পেলোৱাৰ লগতে ধ্বংস কৰিছে কাজিৰঙাৰ বিস্তীৰ্ণ ঘাঁহনি৷

উল্লেখ্য যে অবাধ খনন কাৰ্য চলোৱাৰ বাবে বাৰিষাৰ সময়ত অহা বৰষুণে পাহাৰৰ নামনিৰ জন বসতি আৰু চাহ বাগিছাবোৰৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষলৈ আহিবলগীয়া বিপদক লৈ সচেতন মহল শংকিত হোৱা পৰিলক্ষিত হৈছে।

অসম চৰকাৰৰ লগতে স্বয়ং ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণকো বুঢ়া আঙুলি দেখুৱাই শিল মাফিয়াই এনেদৰে পাহাৰৰ বুকুত আজিও শিলৰ অবাধ খনন চলায় আছে৷

মনকৰিবলগীয়া যে অবৈধভাৱে চলোৱা খনন কাৰ্যৰ বাবে একাংশ বন বিষয়া অধিক লাভান্বিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে। কিন্তু ইয়াৰ বিপৰীতে মৃত্যুৰ মুখলৈ ক্ৰমান্বয়ে ঠেলি দিছে কৰিছে কাজিৰঙা আৰু ইয়াৰ বিৰল জৈৱতন্ত্ৰক৷

শিল মাফিয়াৰ এই চক্ৰটো উৎখাত কৰাৰ বাবে একাংশ বন বিষয়া আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ একাংশ সদস্যক স্থানীয় লোকে আহ্বান জনোৱাৰ লগতে বিষয়টো সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰো হস্তক্ষেপ বিচাৰে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd