কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত হিতাধিকাৰী গোট, ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচী

Sum Ronghang in yellow shirt

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়, খনি আৰু খনিজ দ্ৰব্য মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিভাগ সমূহে সময়মতে উপযোগিতা প্ৰমাণপত্ৰ দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত পুঁজিৰ আৱণ্টন সময়মতে হোৱা নাই।কৃষি বিভাগৰ আভিযান্ত্ৰিক চৌহদত অনুষ্ঠিত আত্ম সহায়ক গোট, পথাৰ পৰিচালনা সমিতি আৰু হিতাধিকাৰী ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে কয় যে টীম কাৰ্বি আংলঙে প্ৰতিটো স্বায়ত্তশাসিত পৰিষদৰ সদস্যলৈ ভ্ৰমণ কৰিব। আগষ্টৰ ১৭ তাৰিখে মহামায়াৰ পৰা এই যাত্ৰা আৰম্ভ কৰা হ’ব।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গৃহ পৰিক্ৰমা মন্ত্ৰ্যালয়, খনি আৰু খনিজ দ্ৰব্য মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে প্ৰমাণপত্ৰ জমা দিয়াৰ লগে লগে পুঁজিৰ আৱণ্টন কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘কিছুমান স্থানীয় সংবাদপত্ৰত প্ৰকাশিত হৈছে যে প্ৰথমাৰ্ধৰ পুঁজি মোকোলাই দিয়া হোৱা নাই। প্ৰথমাৰ্ধ হৈছে ১ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰৰ ৩০ তাৰিখলৈকে। দ্বিতীয়াৰ্থ ১ অক্টোবৰৰ পৰা ৩১ মাৰ্চলৈকে। প্ৰথমাৰ্থৰ ধন জুলাই মাহত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে মোকোলাই দিয়া হৈছিল। কিন্তু কম সময়তে কাম সম্পন্ন কৰিবলগীয়া হোৱা বাবে উপযোগিতা প্ৰমাণপত্ৰ জমা দিয়াত সমস্যাৰ সৃষ্টি হৈছিল। কামৰ মান আৰু গতিৰ ওপৰত নিৰ্ভৰ কৰি পুঁজি মোকোলাই দিয়া হ’ব। যিটো বিভাগে উপযোগিতা প্ৰমাণপত্ৰ সোনকালে জমা দিব সেইটো বিভাগে সোনকালে পুঁজিৰ আৱণ্টন লাভ কৰিব।’’

তেওঁ আৰু কয় যে উপযোগিতা প্ৰমাণপত্ৰ জমা নিদিয়া বিভাগৰ পুঁজিৰ আৱণ্টন বন্ধ কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে খনি আৰু খনিজ দ্ৰব্য বিভাগৰ মাত্ৰ এটাহে কাৰ্যালয় আছে আৰু কাৰ্বি আংলঙকে ধৰি প্ৰতিখন জিলাতেই কাৰ্যালয় স্থাপন কৰা হ’ব। জিলা কাৰ্যালয় আৰু পদবী সৃষ্টি কৰাৰ বাবে আলোচনা কৰা হৈছিল।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে কয় যে টীম কাৰ্বি আংলঙে প্ৰতিটো স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত ভিতৰুৱা এলেকাসমূহলৈ ভ্ৰমণ কৰিব। আগষ্টৰ ১৭ তাৰিখে মহামায়াৰ পৰা আৰম্ভ হ’বলগীয়া এই যাত্ৰাত সকলো কাৰ্যবাহী সদস্য, স্বায়ত্তশাসিত পৰিষদৰ সদস্য আৰু প্ৰধান সচিব, সচিবসকল আৰু সকলো বিভাগীয় মুৰব্বীসকলে অংশগ্ৰহণ কৰিব। বিদ্যুৎ আৰু পথ সংযোগ নথকা এলেকাসমূহ, বিদ্যালয় নথকা এলেকাসমূহলৈকেও দলটোৱো ভ্ৰমণ কৰিব বুলি তেওঁ কয়।

আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাঙে জনসাধাৰণৰ বিকাশ সাধন কৰিব বুলি দোহাৰে।

নাই।কৃষি বিভাগৰ আভিযান্ত্ৰিক চৌহদত অনুষ্ঠিত আত্ম সহায়ক গোট, পথাৰ পৰিচালনা সমিতি আৰু হিতাধিকাৰী ব্যক্তিৰ মাজত ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত মুঠ ৩৬৩ টা আত্ম সহায়ক গোট, ব্যক্তি আৰু পথাৰ পৰিচালনা সমিতিৰ মাজত মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত ৰাজসাহায্য প্ৰাপ্ত হাৰত ট্ৰেক্টৰ বিতৰণ কৰা হয়।

ট্ৰেক্টৰ বিতৰণৰ কাৰ্যসূচীত কৃষি কাৰ্যবাহী সদস্য অমৰসিং টিছো, কাৰ্যবাহী সদস্যসকল, স্বায়ত্তশাসিত পৰিষদৰ সদস্যসকল আৰু প্ৰধান সচিব মহদানন্দ হাজৰিকা উপস্থিত আছিল।