NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙত অভিজিৎ-নিলোৎপলৰ প্ৰতিমুৰ্তি স্থাপন কৰা হ’ব : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ

June 26, 2018 11:17 pm · কল্পজ্যোতি শইকীয়া

ডকমকা কাণ্ডত নিহত হোৱা অভিজিৎ-নিলোৎপলৰ বাসগৃহত পলমকৈ হ’লেও আজি উপস্থিত হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এটা প্ৰতিনিধি দল।

স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংৰ নেতৃত্বত যোৱা সজাতি দলটোয়ে কাৰ্বি আংলঙত নিলোৎপল-অভিজিতৰ প্ৰতিমুৰ্তি স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে।

প্ৰতিনিধি দলটো প্ৰথমে অভিজিতৰ বাসগৃহত উপস্থিত হয়। আনহাতে, অভিজিতৰ পিতৃ-মাতৃয়ে কাৰ্বি স্বায়ত্ত পৰিষদৰ ফালৰ পৰা ঘোষণা কৰা ৫ লাখ টকা ল’বলৈ অমান্তি হয়। ইয়াৰ পৰিৱৰ্তে অভিজিতৰ পিতৃয়ে সাহায্যৰ ধন সমজুৱা উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ বাবে কাৰ্বি স্বায়ত্ত পৰিষদক আহ্বান জনায়।

উল্লেখযোগ্য যে, তুলিৰাম ৰংহাঙে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি সংবাদ মাধ্যমৰ আগত কয়, ‘গোপনভাৱে শাস্তি প্ৰদান কৰিলে আমি মানি নলওঁ, দোষীয়ে ৰাজহুৱা শাস্তি পাব লাগিব।’

আনহাতে, নীলোৎপল দাসৰ পিতৃয়ে প্ৰতিমুৰ্তি স্থাপনৰ স্থানৰ ক্ষেত্ৰত তেওঁৰ কোনো ক’বলগীয়া নাই বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধি দলটোত থকা আন আন সদস্য কেইগৰাকী হৈছে কাৰ্যবাসী সদস্য ৰাজু টিছো, ৰুপসিং তেৰণ, পৰিষদৰ সদস্য হৰেন সিং বে, লুংসিং তেৰণ।

Related News