কাৰ্বি আংলঙত পথ দৰ্ঘটনাত ৪ জন লোক আহত

accident-jpg-570x320

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈথালাংছু আৰক্ষী থানাৰ অন্তৰ্গত তাৰালাংছুত শুকুৰবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত চাৰি জন লোক আহত হৈছে।

আহত চাৰিজন ব্যক্তিক অঞ্জন নাথ, ডৰছিং ৰংফাৰ, ৰূপসিং লেকথে আৰু চন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছে। আহত ব্যক্তি কেইজনৰ ভিতৰত দুগৰাকী অঞ্জন নাথ আৰু ৰূপসিং লেকথেই গুৰতৰভাৱে আহত হৈছে।

তেওঁলোকক প্ৰথমতে প্ৰাথমিক চিকিৎসাৰ বাবে বৈথালাংছু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয় আৰু পিছত উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসায়ললৈ প্ৰেৰণ কৰে।

উক্ত ব্যক্তি চাৰিগৰাকীয়ে এখন সৰু গাড়ীৰে গৈ থকা অৱস্থাত হঠাতে গাড়ীখনৰ ষ্টিয়েৰিঙে কাম নকৰা হোৱাত নিয়ন্ত্ৰন হেৰুৱাই গাড়ীখন পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে।

পাহাৰীয়া জিলাখনত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পাই অহাৰ সময়তে জিলাখনত ৰাস্তা ঘাট আদিৰ দিশত সংশ্লিষ্ট কৰ্তৃপক্ষই বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

চালকৰ ভুলৰ বাবে সংঘটিত হোৱা দুৰ্ঘটনাক বাদি দিও এনে বহু পথ দুৰ্ঘটনা সংঘটিত হয় য’ত বাট-পথৰ জৰাজীৰ্ণ অৱস্থা আৰু যান বাহন নিয়ন্ত্ৰনৰ সঠিক ব্যৱস্থাৰ অভাৱ অন্যতম কাৰণ হিচাপে বিবেচিত হৈ আহিছে।