NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙৰ ডিলাইত আৰক্ষীৰ জালত তিনিজন দুৰ্ধৰ্ষ কুকি উগ্ৰপন্থী

April 30, 2018 1:58 pm · এন ই নাও নিউজ

চোৰাংচোৱা বিভাগৰ পৰা পোৱা বিশেষ খবৰৰ ভিত্তিত সেনা বাহিনী আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই কার্বি আংলঙৰ ডিলাইত তিনিজন কুকি উগ্রপন্থী আটক কৰে৷ ধৃত উগ্রপন্থীকেইজনৰ পৰা বহু অস্ত্র-শস্ত্র উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে৷

প্রাপ্ত খবৰ অনুসৰি দেওবাৰে নিশা ডিলাই আৰক্ষীৰ নেতৃত্বত চলা বিদ্ৰোহী বিৰোধী অভিযানৰ সময়ত কুকি লিবাৰেশ্যন ফ্রন্টৰ তিনি উগ্রপন্থী ক্রমে জেকব খনছাই, হাউবেন হাউকিপ ওৰফে কেনি আৰু থেংচান নিউ থংছাই ওৰফে ৰেক্সক আটক কৰিবলৈ সক্ষম হয়।

ধৃত উগ্ৰপন্থী তিনিজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে দুটা ২২ পিষ্টল, এটা ১২ ব’ৰৰ বন্দুক আৰু ২০ ৰাউণ্ড গুলীৰ সৈতে ২৫ খন ধন দাবীপত্র উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি আটকাধীন কুকি উগ্রপন্থীকেইজনক ডিলাই আৰক্ষী থানাত আৰু অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰাখিছে৷

Related News