কাৰ্বি বিদ্ৰোহী সংগঠন কে এল এন এল এফৰ সৈতে অস্ত্ৰবিৰতি চুক্তিৰ ম্যাদ ছমাহলৈ বৃদ্ধি

karbi klnlf

কাৰ্বি বিদ্ৰোহী সংগঠন কে এল এন এল এফ ( Karbi Longri NC Hills Liberation Front/ KLNLF  ) সৈতে অহা ৩১ অক্টোবৰলৈকে যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধি কৰিছে চৰকাৰে।

গুৱাহাটীত অসমৰ গৃ্হ বিভাগৰ মুখ্য সচিব এল এচ চাংচনৰ লগত হোৱা আলোচনাত এই সিদ্ধান্ত লোৱা হয়।

সংগঠনটোৰ নেতা ৰিজাক দেৰা, ফুলক তেৰন আৰু সঞ্জিত কাথাৰে আলোচনাটোত ভাগ লয়।

‘ভাৰত চৰকাৰৰ লগত হোৱা আলোচনা চলি আছে’ বুলি উল্লেখ কৰি কে এল এন এল এফে নৰ্থ ইষ্ট নাওক জনাই যে ‘কিন্তু আলোচনাৰ মধ্যস্থতাকাৰীৰ সঘন পৰিৱৰ্তনে বাধাৰ সৃষ্টি কৰিছে।’

২০১০ৰ পৰা ২০১৬ চনলৈ পি চি হালদাৰ, ২০১৭ত দীনেশ্বৰ শৰ্মা আৰু বৰ্তমান ৰ (RAW)ৰ বিশেষ আয়ুক্ত এ’ বি মাথুৰ শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে আছে।

উল্লেখযোগ্য যে চৰকাৰৰ স্বাৱলম্বন আঁচনিৰ অধীনত ৫০% ভৰ্তুকিৰে ৭০ গৰাকী কে এল এন এল এফ সদস্যই ১ লাখ টকাকৈ ঋণ লাভ কৰিব। সংগঠনটোৰ শিবিৰত দক্ষতা বিকাশৰ প্ৰশিক্ষণো প্ৰদান কৰা হৈছে।

শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলোচনাৰত সদস্যসকলৰ মাহিলী ভাত্তা কেন্দ্ৰীয় চৰকাৰে ৩ হাজাৰৰ পৰা ৬ হাজাৰলৈ বৃদ্ধি কৰিছিল।

তাৰোপৰি চূড়ান্ত চুক্তি স্বাক্ষৰ হ’লে সদস্যসকলে পূৰ্বৰ ডেৰ লাখৰ পৰিৱৰ্তে এতিয়া ৪ লাখ টকাকৈ এককালীন সাহায্য লাভ কৰিব।