কাৰ্যনিৰ্বাহকৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশনত গৃহীত হ’ল অসম সাহিত্য সভাৰ সংবিধান

08-04-18 Jorhat- Assam sahitya Sabha executive meeting

অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন পূৰ্ণাংগ অধিৱেশন দেওবাৰে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগত সংলগ্ন ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক প্ৰতিনিধিৰ উপস্থিতিত পুৱাৰে পৰা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম সাহিত্য সভাৰ এশ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে জাতীয় অনুষ্ঠানটোৰ সংবিধান গৃহীত হয়।

সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰুৱজ্যোতি বৰাক সভাপতি আৰু বিশিষ্ট অধিবক্তা নিলয় দত্তক কাৰ্যকৰী সভাপতি হিচাপে লৈ গঠন কৰা সংবিধান প্ৰণয়ন সমিতিয়ে সংবিধানখন আনুষ্ঠানিকভাৱে সভাপতিৰ হাতত অৰ্পণ কৰে। সংবিধানখনত যোৱা ১ ফেব্ৰুৱাৰীত বৰডুমচা অধিৱেশনৰ প্ৰতিনিধি সভাত গৃহীত সংশোধনীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।

সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকলে প্ৰণয়ন হোৱা সংবিধানৰ প্ৰতিলিপি হাতে হাতে লৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি তথা অসমৰ সকলো খিলঞ্জীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সৰ্বাংগীণ উন্নয়ন, বিকাশ, সুৰক্ষা আৰু ৰক্ষণাবেক্ষণৰ স্বাৰ্থত সকলো ধৰণৰ সংকীৰ্ণ, সাম্প্ৰদায়িক, গোষ্ঠীগত আৰু দলীয় ৰাজনৈতিক চিন্তাৰ উৰ্দ্ধত সভাৰ হকে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে শপত বাক্য পাঠ কৰোৱা সভাখনত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। তেওঁৰ প্ৰতিবেদনত বিগত সময়ছোৱাৰ বিস্তৃত কাৰ্য ক্ৰমণিকা দাঙি ধৰা হয়।

সভাৰ এই অধিৱেশনতে আগন্তুক কাৰ্যকালৰ বাবে কৰ্ণধাৰ সমিতিৰ লগতে বিভিন্ন উপ সমিতিসমূহ গঠন কৰা হয়।