কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত বিশেষ অধিৱেশনৰ দাবী বিৰোধীৰ

Debabrata-Saikia

বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

আজি অসম বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। বিধানসভা অধিৱেশনৰ কেলেণ্ডাৰ প্ৰস্তুতক লৈ বিজনেছ এডভাইজৰী কমিটীৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।

আজিৰ বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত প্ৰতিবছৰে তিনিখনকৈ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংসদৰ আৰ্হিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ফেব্ৰুৱাৰী–মাৰ্চত বাজেট অধিৱেশন, আগষ্ট–ছেপ্টেম্বৰত গ্ৰীষ্মকালীন অধিৱেশন আৰু নৱেম্বৰ–ডিচেম্বৰত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

আনহাতে, বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত আজি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিশেষ অধিৱেশনৰ দাবী উত্থাপন কৰে বিৰোধীয়ে। তদুপৰি, আজি বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে অধ্যক্ষক সাক্ষাৎ কৰি বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী তোলে।

বিশেষ অধিৱেশন সম্পৰ্কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অধ্যক্ষই চৰকাৰৰ সঁহাৰিৰ অপেক্ষাত আছে। চৰকাৰৰ নিৰ্দেশ পালেহে তেওঁ অনুষ্ঠিত কৰিব পাৰিব বিশেষ অধিৱেশন। অধ্যক্ষই চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসম চুক্তিক অৱজ্ঞা নকৰা এখন চৰকাৰ লাগে বুলি মন্তব্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে বিকল্প চৰকাৰ হ’লে তেওঁলোকে বাহিৰৰ পৰা সমৰ্থন আগবঢ়াব।

বিজনেছ এডভাইজৰী কমিটীৰ বৈঠকৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ বিধায়ক প্ৰফুল্ল মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপয়ো বিধানসভাৰ বিশেষ অধিৱেশন বিচাৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই লগতে বিকল্প চৰকাৰৰ ধাৰণা সংবাদ মাধ্যমৰ সৃষ্টি বুলিহে অভিহিত কৰে। তেওঁ মুখ্যমন্ত্ৰী পদৰ প্ৰতি কোনো লালসা নাই বুলিও স্পষ্ট কৰি দিয়ে।

বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, প্ৰমীলাৰাণী ব্ৰহ্ম, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি নেতাসকল উপস্থিত থাকে।

ইপিনে এইআইইউডিএফৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীয়ে বিকল্প চৰকাৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ দলে অবিজেপি চৰকাৰ এখনক সমৰ্থন জনাব। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ মন্তব্য কৰে যে  বিজেপি ত্যাগ কৰি ওলাই আহিলে সৰ্বানন্দ সোণোৱালকো তেওঁলোকে সমৰ্থন জনাব।