কৃষক নেতা অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামত চলাই আছে ব্যাপক দুৰ্নীতি : দুলাল বৰা

DulalBora

দুলাল বৰাৰ ফাইল ফটো

আজি পুনৰ দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আৰ টি আই কৰ্মী দুলাল বৰাই অখিলক গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে কৃষক নেতাজনক কটাক্ষ কৰে।

“অখিল গগৈয়ে অৰ্কিড পাৰ্ক মুকলি কৰি তাত ব্যাপক ৰূপত দুৰ্নীতি কৰি আছে। তেওঁ কেইজনমান ভুৱা ব্যক্তিৰ নাম দেখুৱাই চৰকাৰী মাটিতে এই উদ্যানখন নিৰ্মাণ কৰিছে। লগতে সেই সময়ত কৃষি বিভাগৰ পৰা ফাণ্ড ডাইভাৰ্ট কৰি এই উদ্যানখন নিৰ্মাণ কৰিছিল।”  আজিৰ সংবাদমেলত এইদৰে কয় দুলাল বৰাই।

আনহাতে বৰপেটাৰ উদ্যানৰ পৰা অৰ্কিড উদ্যানৰ বাবে প্ৰয়োজনীয় একো সামগ্ৰী ক্ৰয় কৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় “মোক উদ্যানৰ স্বত্বাধিকাৰীয়ে নিজে ফোনযোগে অৰ্কিড পাৰ্কৰ ৫০ হাজাৰ টকাৰো সামগ্ৰী ক্ৰয় কৰা নাই বুলি কৈছে।”

 

আনহাতে সেই স্বত্বাধিকাৰীগৰাকীয়ে অখিল গগৈক ভয় কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই বুলি মন্তব্য কৰে।

বৰাই কয়, “স্বত্বাধিকাৰীগৰাকীয়ে মোক জনোৱা অনুসৰি গোচৰ ৰুজু কৰিলেই কৃষক নেতাগৰাকীয়ে তেওঁৰ নাৰ্ছাৰিৰ সন্মুখত এগালমান কৃষক মুক্তিৰ সদস্য আনি ধৰ্ণা দিব।’’

তদুপৰি দুলাল বৰাই বোকাখাত থানাত অখিল গগৈৰ বিৰুদ্ধে ১২৬/১৮ নম্বৰ গোচৰ ৰুজু কৰা বুলিও সদৰী কৰে।

লক্ষণীয় যে আৰ টি আই কৰ্মী দুলাল বৰাই তথ্য প্ৰদৰ্শন কৰি কয়, “ৰকিবুল হুছেইন কৃষি বিভাগৰ মন্ত্ৰী হৈ থকা সময়তে উদ্যানশস্য বিভাগৰ পৰা ২৫ লাখ টকা ৫০ শতাংশ ৰাজ সাহায্যত ঋণ লৈছিল। কৃষক নেতা গৰাকীয়ে চক্ৰান্তমূলকভাবে চৰকাৰী ভূমি কোনো ব্যক্তিৰ নামত দেখুৱাই এই উদ্যান চলাই নিছে।”

তেওঁৰ মতে ” মই আজি প্ৰত্যাহ্বান জনাইছো ভণ্ড কৃষক নেতাজনে কৃষকৰ মংগলকামী কি কাম কৰিছে তেওঁ মোক দেখুৱাই দিয়ক।”

তাৎপৰ্যপূৰ্ণ যে তেওঁ পূৰ্বে ৰকিবুল হুছেইনৰ পৰা ৫ কোটি টকা লোৱা বুলি কোৱা মন্তব্যৰ বিপৰীতে কয়, “তথ্য অনুসৰি ৫ কোটিতকৈ বেছি ধন ৰকিবুল হুছেইনৰ কৃষি বিভাগৰ পৰা ফাণ্ড ডাইভাৰ্ট কৰি আনি অৰ্কিড উদ্যান মুকলিৰ নামত দিয়া হৈছিল।”

ইয়াৰোপৰি তেওঁ অৰ্কিড উদ্যানখন উচ্ছেদ কৰি সেই মাটি ভূমিহীন কৃষক সকলক প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অখিলৰ বিৰুদ্ধে ৰুজু কৰা ৫টা গোচৰৰ উচিত তদন্তৰ দাবী জনায়।

উল্লেখযোগ্য যে দুলাল বৰাই পূৰ্বতে অৰ্কিড উদ্যানৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি কৃষক নেতা অখিল গগৈয়ে দাবী কৰাৰ লগতে সেই ভূমি বোকাখাতৰ ৰাইজৰ দান বুলিহে সদৰী কৰিছিল।