NORTHEAST NOW (Assamese)

কৃষক নেতা অখিল গগৈৰ কাজিৰঙাৰ জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত ৰাজহ বিভাগৰ জৰীপ

April 24, 2018 5:55 pm · উত্তম শইকীয়া
Updated: April 24, 2018 8:30 pm

পূৰ্বতে আৰ টি আই কৰ্মী দুলাল বৰাই ৰজু কৰা এক গোচৰৰ ভিত্তিত বোকাখাতৰ ৰাজহ বিভাগে আজি কৃষক নেতা অখিল গগৈৰ মালিকানাধীন কাজিৰঙাৰ দূৰ্গাপুৰত থকা জাতীয় অৰ্কিড উদ্যানখনত আৰু জৈৱ বৈচিত্ৰ্যত জৰীপ চলায় ৷

উল্লেখযোগ্য যে পূৰ্বতে আৰ টি আই কৰ্মী দুলাল বৰাই কাজিৰঙাত অৰ্কিড পাৰ্ক নিৰ্মাণেৰে ষড়যন্ত্ৰমূলকভাৱে কাজিৰঙাৰ ভূমি দখল কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

আৰ টি আই কৰ্মী দুলাল বৰাই উত্থাপন কৰা অভিযোগ মতে কাজিৰঙা মৌজাৰ হালোৱা এ চি নামৰ চৰকাৰী ভূমিৰ ১৭১ আৰু ৩৯৮ দাগৰ ১৬ বিঘা ৩ কঠা ১৩ লোচা মাটি বেদখল কৰি নগেন শইকীয়াই ‘বিগ নাৰ্চাৰী’ আৰু কৃষক নেতা অখিল গগৈয়ে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান স্থাপন কৰে।

ফলত চৰকাৰী মাটি বেদখল কৰা এই গোচৰৰ আধাৰতেই আজি ৰাজহ বিভাগে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে ৷

এই জৰীপৰ দ্বাৰা কাজিৰঙাৰ দূৰ্গাপুৰত থকা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ মাটিৰ পৰিমাণ আৰক্ষীক আৰু আদালতক জনোৱা হ’ব বুলি বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ দাসে জনায়।

Related News