• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক নেতা অখিল গগৈৰ লগতে সহকৰ্মী নগেন শইকীয়াৰ বিৰুদ্ধেও বোকাখাত থানাত এজাহাৰ দাখিল দুলাল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 16, 2018 9:25 am
Dulal Bora
134
VIEWS
Share on FacebookShare on Twitter

জালিয়াতিৰে কৃষক নেতা অখিল গগৈ আৰু দূৰ্গাপুৰ গাওঁৰ কৃষক নগেন শইকীয়াৰ লগতে বৰপেটা নাৰ্চাৰী নামৰ প্ৰতিষ্ঠানে চৰকাৰী ধন আত্মসাত কৰাৰ অভিযোগৰ তদন্ত বিচাৰি বৃহস্পতি বাৰে বোকাখাত থানাত আন এক এজাহাৰ দাখিল কৰিছে খানাপাৰাৰ কইনাধৰা তিনি আলিৰ নিৱাসী দুলাল বৰাই ৷

বোকাখাত থানাত এজাহাৰ দাখিলৰ পাচত দুলাল বৰাই এইয়া অখিল গগৈৰ জাতীয় অৰ্কিড উদ্যানৰ কেলেংকাৰীৰ বিৰুদ্ধে পঞ্চম গোচৰ বুলি মন্তব্য কৰি অচিৰেই তেওঁ জাতীয় অৰ্কিড উদ্যানখনত অসম চৰকাৰৰ গড়কপ্তানি বিভাগ আৰু জলসিঞ্চন বিভাগৰ চৰকাৰী ধন নীতিবিৰুদ্ধ ভাৱে ব্যয় কৰাৰ অভিযোগত ষষ্ঠটো গোচৰ ৰজু কৰিব বুলিও মন্তব্য কৰে ৷

বৃহস্পতি বাৰে বিয়লি দুলাল বৰাই দাখিল কৰা এজাহাৰখনৰ মতে কাজিৰঙা মৌজাৰ হালোৱা এ চি নামৰ চৰকাৰী ভূমিৰ ১৭১ আৰু ৩৯৮ দাগৰ ১৬ বিঘা ৩ কঠা ১৩ লোচা মাটিত নগেন শইকীয়া নামৰ লোকজনৰ ” বিগ নাৰ্চাৰী” নামৰ উদ্যানৰ উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানো আছে ৷

এজাহাৰত উল্লেখ কৰা মতে উক্ত ভূমিত নগেন শইকীয়া স্থাপন কৰা ” বিগ নাৰ্চাৰী “ৰ নামত কৃষি বিভাগৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ পৰা নগেন শইকীয়াই ৫০ শতাংশ ৰেহাই মূল্যত ২৫ লাখ টকাৰ অনুদান আদায় কৰে ৷ ইয়াৰ বিপৰীতে নগেন শইকীয়াই বৰপেটা নাৰ্চাৰীৰ পৰা লাখ লাখ টকাৰ পুলি ক্ৰয় কৰাৰ ভূৱা বিল কৃষি বিভাগত জমা দি সমুদায় ধন আত্মসাত কৰা বুলি এজাহাৰত দুলাল বৰাই উল্লেখ কৰিছে ৷

আনহাতে,  দুলাল বৰাৰ এজাহাৰৰ বিপৰীতে বিগ নাৰ্চাৰীৰ স্বত্বাধিকাৰী নগেন শইকীয়াই দুলাল বৰাৰ অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁ নাৰ্চাৰীৰ বাবে অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ পৰা ১২ লাখ ৫০ হেজাৰ টকাৰ ৰাজ সাহায্য লাভ কৰিছিল ৷

২০১৫ চনত তেওঁলোকৰ গাওঁত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্কিড উদ্যান গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত তেওঁৰ নাৰ্চাৰীৰ দুবিঘা মাটিও অৰ্কিড উদ্যানৰ বাবে দান দিয়ে আৰু নিজেও অৰ্কিড পাৰ্কৰ এজন সদস্য হোৱা বুলি সংবাদ মাধ্যমক জনায় নগেন শইকীয়াই ৷

অভিযোগকাৰী দুলাল বৰাই বৰপেটা নাৰ্চাৰীৰ মালিকক ধন দাবী কৰা বুলি উল্লেখ কৰি নগেন শইকীয়াই অচিৰেই দুলাল বৰাৰ ওপৰত মান হানি গোচৰ তৰিব বুলিও ঘোষণা কৰিছে ৷

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd