কৃষিক সন্মানীয় জীৱিকা হিচাপে গ্ৰহণ কৰিবলৈ যুৱচামলৈ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

assam cm

অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ যুৱচামলৈ আহ্বান জনাইছে যাতে তেওঁলোকে কৃষিক এটা সন্মানীয় জীৱিকা হিচাপে গ্ৰহণ কৰে।

মাৰ্ঘেৰিটা বিজিনেছ এছোচিয়েশ্যনে আয়োজন কৰা মাৰ্ঘেৰিটা চহৰত অনুষ্ঠিত বহাগী উৎসৱত অংশগ্ৰহণ  কৰি তেওঁ কয় যে যুৱচাম কৃষিকৰ্মত আন্তৰিকতাৰে নিয়োজিত হ’লে ৰাজ্যখনে বিকাশৰ কক্ষপথত আগুৱাই যোৱাৰ ক্ষেত্ৰত এক নতুন শক্তি লাভ কৰিব।

তেওঁ কয় যে অসমীয়া সংস্কৃতি কৃষিৰ সৈতে অতি ঘনিষ্ঠভাৱে সংপৃক্ত হৈ আছে আৰু বিহু হৈচ এএনে এটা সাংস্কৃতিক উৎসৱ যিয়ে বিভিন্ন সম্প্ৰদায়ৰ মাজত একতা আৰু আত্মীয়তাৰ বান্ধোন সুদৃঢ় কৰি তুলিছে।

তেওঁ আৰু কয় যে কেন্দ্ৰৰ  এক্ট ইষ্ট পলিচিয়ে ৰাজ্যখনক এটা বিশেষ গতি প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ সৈতে এছিয়ান ৰাষ্ট্ৰসমূহৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব।

তেওঁ দৃঢ় বিশ্বাসেৰে কয় যে মানুহ সৈতে মানুহৰ উন্নীত সম্পৰ্ক, ব্যৱসায় আৰু বাণিজ্যই অসমক ভাৰতৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ স্নায়ুকেন্দ্ৰত পৰিণত কৰি তুলিব।

তাৰোপৰি, সেউজ আৰু প্ৰদূষণমুক্ত পৰিৱেশে অসমলৈ পৰ্যটকক আকৰ্ষণ কৰি ৰাজ্যখনৰ বিত্তীয় অৱস্থাটো উন্নীত কৰিব বুলি কৈ তেওঁ অসমৰ জনসাধাৰণক প্ৰতি বছৰে কমেও দহটা গছপুলি ৰোৱা আৰু সেইসমূহ প্ৰতিপালন কৰাৰ বাবে আহ্বান জনায়।

ব’হাগী উৎসৱৰ সৈতে সংগতি ৰাখি মুখ্য মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে মাৰ্ঘেৰিটাৰ বৌদ্ধ মঠটোত ৰাজ্য চৰকাৰে এটা অতিথিশালা নিৰ্মাণ কৰিব।