কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰী: ৰাকেশ পাল আৰু বসন্ত কুমাৰ দলেক মুখামুখিকৈ জেৰা

assam-1-570x320

এ পি এছ চিৰ কৃষি উন্নয়ন বিষয়াৰ নিযুক্তি কেলেংকাৰীৰ গোচৰত কাৰাগাৰতেই মুখামুখি জেৰাৰ সন্মুখীন হ’বলগীয়া হ’ল এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু আয়োগৰ প্ৰাক্তন সদস্য ড০ বসন্ত কুমাৰ দলে।

কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত ভঙাগড় থানাত ৰুজু হৈ থকা ১৫৯/১৭ নম্বৰৰ গোচৰত ইতিমধ্যে বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা অনুমতি লোৱাৰ পিছত ৰাকেশ পাল আৰু বসন্ত দলেক যৌথ জেৰা চলায় ভঙাগড় আৰক্ষীয়ে।

জানিব পৰা মতে কৃষি উন্নয়ন বিষয়া পদৰ নিযুক্তিৰ নামত তদানীন্তন এপিএছচিৰ অধ্যক্ষ ৰাকেশ পাল আৰু তদানীন্তন সদস্য বসন্ত দলেই ধনৰ বুজাবুজি কৰাৰ  অভিযোগ সন্দৰ্ভত দুয়োজনকে জেৰা কৰা হয়। জেৰাত দুয়োৰে বক্তৱ্যৰ মাজত সামঞ্জস্যহীনতা  উন্মোচিত হোৱা বুলি জানিব পৰা গৈছে।

নিজেই পচন্দৰ প্ৰাৰ্থীক নম্বৰ দিয়াৰ উপৰি প্ৰাৰ্থীৰ পৰা ধন লোৱা সন্দৰ্ভতো ৰাকেশ পাল আৰু বসন্ত দলেক সোধ পোছ কৰা হয় যদিও জেৰাকালত দুয়োৰে বক্তৱ্যৰ মাজত অমিল  ধৰা পৰা বুলি জানিব পৰা গৈছে।

ইপিনে এপিএছচি কেলেংকাৰীৰ গোচৰত কাৰাৰুদ্ধ চাৰিজন ৰাজপত্ৰিত বিষয়াক এনফ’ৰ্চমেণ্ট সঞ্চালকালয়ে ৰুজু কৰা অবৈধ ধন সৰবৰাহৰ গোচৰত বৃহস্পতিবাৰে ইডিয়ে জেৰা চলায়। বিশেষ আদালতৰ অনুমতি মৰ্মে ইডিয়ে  বৃহস্পতিবাৰে অভিযুক্ত কৌশিক কলিতা, অভিষেক বৰবৰা, সত্যজিৎ সৰকাৰ আৰু প্ৰসেনজিৎ ঘোষক কাৰাগাৰতে জেৰা কৰে। তেওঁলোকৰ বিৰুদ্ধে বক্ৰপথেৰে নিজৰ চাকৰি লোৱাৰ লগতে ধনৰ অবৈধ লেনদেন কৰাৰ অভিযোগ উঠিছিল।

উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীৰ গোচৰত এপিএছচি কেলেংকাৰীত অভিযুক্ত ৩৩ গৰাকী ৰাজপত্ৰিত বিষয়া বৰ্তমান কাৰাগাৰত আছে। লোকসেৱা আয়োগৰ এচিএছ-এপিএছৰ বাহিৰেও এ পি এছ চিৰ দ্বাৰা কৃষি উন্নয়ন বিষয়া নিযুক্তিত ব্যাপক ধনৰ লেনদেন হোৱাৰ লগতে বক্ৰ পথেৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি পচন্দৰ প্ৰাৰ্থীক বাছনি কৰাৰ অভিযোগ উত্থাপিত হৈছিল।