কৃষ্ণাইত আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ দ্বাৰা কৃতী পৰীক্ষাৰ্থীক সম্বৰ্ধনা

Krisnai felicitation

গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ উদ্যোগত আজি কৃষ্ণাইত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। মটৰ শ্ৰমিৰ সন্থাৰ নিজ কাৰ্যালয়ত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃষ্ণাই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত পৰীক্ষাৰ্থী গৰাকীৰ লগতে মটৰ শ্ৰমিক সন্থাৰ সদস্যৰ কৃতী সন্তানসকলক সম্বৰ্ধনা জনোৱা হয়।

সন্থাৰ স্থায়ী সভাপতি পৰিতোষ সাহাৰ সভাপতিত্বত আয়োজিত আজিৰ সম্বৰ্ধণা অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃষ্ণাই পৰীক্ষা কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱা জুবিলী দেৱীক নগদ পাঁচ হেজাৰ এটকাসহ মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধণা জনোৱা হয় ৷

তদুপৰি, হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মটৰ শ্ৰমিক সন্থাৰ সক্ৰিয় সদস্যৰ সন্তান চাবিনা ইয়াছমিন আৰু সুনিতা বেগমক পাঁচ হেজাৰ এটকা আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ৰুবি বেগম, চুমি ইয়াছমিন আৰু আক্ৰামূল হকক নগদ এহেজাৰ এটকা, মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

সন্থাৰ উপ-সভাপতি গুলজাহাৰ আলীয়ে উদ্দেশ্য ব্যখ্যা কৰা আজিৰ সম্বৰ্ধনা সভাত কৃষ্ণাই আৰক্ষী থানাৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া ৰবীন ৰায়, সাংবাদিক কন্দৰ্প কুমাৰ দেৱ নাথ, চামচুল হককে ধৰি বহুকেইজন লোকে ভাষণ প্ৰদান কৰে।