কৃষ্ণাইৰ পাইকানত মৰেল পুলিচৰ কাণ্ড : গুৰুলা গুৰুলকৈ পিটি চুলি খুৰাই দিলে নিৰীহ ব্যক্তিৰ

moral-polic-570x320

প্ৰতিনিধিত্বমূলক ছবি

গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত পুনৰ সংঘটিত হৈছে মৰেল পুলিচৰ ঘটনা। একাংশ মৰেল পুলিচৰূপী যুৱকে আলহী খাবলৈ অহা দুই কিশোৰীসহ এজন লোকক গুৰুলা গুৰুলকৈ মাৰপিট কৰি ব্লেডেৰে মূৰৰ চুলি খুৰাই দিয়া ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে, কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খৰিধৰাৰ ৰামপুৰ গাঁৱৰ মাছ ব্যৱসায়ী এজনৰ ঘৰলৈ আলহী খাবলৈ আহিছিল মেঘালয়ৰ দুই কিশোৰী। কালি সন্ধিয়াৰ ভাগত পাইকানৰ এঘৰত দুই ভগ্নী কিশোৰীয়ে মাছব্যৱসায়ীজনৰ সৈতে ফুৰিবলৈ যোৱাৰ পথতে ধাৰাসাৰ বৰষুণ অহাত তিনিও পাইকান তিনিআলিৰ এখন দোকানৰ বাৰাণ্ডাত আশ্ৰয় লয় ৷

তেনে সময়তে একাংশ মৰেল পুলিচৰূপী যুৱকে আহি বিভিন্ন প্ৰশ্ন কৰি তিনিওকে ব্যতিব্যস্ত কৰি তোলে ৷ এই প্ৰসংগই গৈ এটা সময়ত তৰ্ক-বিতৰ্কৰ ৰূপ লয় ৷ বহু সময় ধৰি হোৱা তৰ্ক-বিতৰ্কৰ মাজতে যুৱকৰ দলটোৱে হঠাৎব্যৱসায়ীজনৰ লগতে কিশোৰী দুগৰাকীক আক্ৰমণ চলায়।

মৰেল পুলিচৰূপী দলটোৱে একপ্ৰকাৰ জঁপিয়াই পৰে কিশোৰীসহ লোকজনৰ ওপৰত ৷ অকল প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি যুৱক কেইজনে মাছ ব্যৱসায়ীজনৰ মূৰৰ চুলি খুৰাই দিয়ে ৷ ঘটনা সন্দৰ্ভত কৃষ্ণাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দুই কিশোৰীসহ মাছ ব্যৱসায়ীজনক উদ্ধাৰ কৰি চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰায় ৷

এই সমগ্ৰ ঘটনাই ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা লাভ কৰিছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কৃষ্ণাই আৰক্ষীয়ে 179/18 U/S 143/341/315/326/354(B) IPC ত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে ৷ ঘটনাৰ জড়িত ৮ জনকৈ লোকক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰাৰ বিপৰীতে আন দোষী লোকসকলক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ এই ঘটনাই সমগ্ৰ পাইকানতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷