নিৰ্বাচনী প্ৰতিশ্ৰুতি অসাৰ : কৃষ্ণাইৰ বায়দাত নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ ৰাইজৰ

Screenshot_20180624_212109

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্ত্তী তথা  গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত বায়দাত আজিলৈ বিশেষ উন্নয়ন দৃষ্টিগোচৰ হোৱা নাই ৷ বাট পথ, খোৱা পানীৰ সমস্যাই যুগ যুগ ধৰি যাতনা দি অহা বায়দাবাসীয়ে আজিও অতীতৰ দৰেই দুৰ্বিসহ জীৱন যাপন কৰি থাকিবলৈ বাধ্য হৈ পৰিছে ৷
দেশে স্বাধীনতা লাভৰ ৭০ বছৰ অতিবাহিত হ’ল যদিও পৰিবৰ্তন নহ’ল বায়দাবাসী জনসাধাৰণৰ জীৱন প্ৰণালীৰ ৷
বহু চৰকাৰ আহিল আৰু গ’ল, কিন্তু গাৰো জনজাতি বসতি প্ৰধান এই বায়দা গাৱঁৰ কোনো উন্নয়ন নহ’ল ৷
শেহতীয়াকৈ বিজেপিৰ চৰকাৰৰ পৰা অঞ্চলবাসী ৰাইজে কিছু আশা কৰিছিল যদিও পৰিবৰ্তনৰ বতাহ জাকে যেন স্পৰ্শ কৰিব পৰা নাই গাৰো জনজাতিৰ বসতি প্ৰধান এই বায়দাক ৷
নিৰ্বাচনৰ আগত বহু নেতাই বহু প্ৰতিশ্ৰুতি দিলে,কিন্ত চৰকাৰ গঠনৰ পাছত নেতাবোৰে সকলো পাহৰিলে ৷ আন নালাগে আজিলৈ বিশুদ্ধ খোৱা পানী এটুপিৰ বাবেও ৰাইজে হামৰাও কাঢ়ি থাকিব লগীয়া হৈছে ৷
আজিও নিজৰাৰ পানী খাই দিন পাৰ কৰিবলগীয়া হোৱাটো ভাৰতৰ দৰে বিদেশত লাখ কোটি হিচাপত টকা থোৱা অগণন উদ্যোগপতি, জন প্ৰতিনিধিৰ  এখন দেশত সঁচাই এক দুখ জনক বিষয় ৷ এই ক্ষেত্ৰত গোৱালপাৰা পূৱৰ বিধায়কজনে এক ফলপ্ৰসূ উদ্যোগ গ্ৰহণ কৰিব বুলি বায়দাবাসীয়ে আজিও অপেক্ষাত আছে ৷