‘কেগ’ৰ বিস্ফোৰক প্ৰতিবেদন : অসমৰ ৰাজ্যপাল জগদীশ মুখিৰ আন্দামান-নিকোবৰৰ লেঃ ৰাজ্যপালৰূপে ‘নীতিবহিৰ্ভূত’ ব্যয়

JagdishMukhi assam governor

অসমৰ বৰ্তমানৰ ৰাজ্যপাল অধ্যাপক ডঃ জগদীশ মুখি ( Jagdish Mukhi ) আন্দামান নিকোবৰৰ লেফটেনেণ্ট ৰাজ্যপাল হৈ থকা কালত চৰকাৰী পুঁজিৰ ‘বিবেচনাহীন আৰু নীতিবহিৰ্ভূত’ ব্যয়ৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। কেগ (CAG)এ ৫ এপ্ৰিলত ৰাজহুৱা কৰা প্ৰতিবেদনত এই অভিযোগ অনা হৈছে।

২০১৬ চনৰ ২২ আগষ্টৰ পৰা ২০১৭ চনৰ ৭ অক্টোবৰলৈকে আন্দামানৰ লেফটেনেণ্ট ৰাজ্যপাল হিচাপে থকা ৰাজ্যপাল মুখিৰ লগতে তেওঁৰ পূৰ্বসূৰী অজয় কুমাৰ সিঙৰ বিৰুদ্ধে কেগে অভিযোগ কৰে যে ‘নতুন দিল্লীৰ আন্দামান ভৱনত লেফটেনেণ্ট ৰাজ্যপালৰ বাবে নিৰ্ধাৰিত কক্ষ থকাৰ পিছতো আৰু কোনো নিয়মৰ অধীনতে নপৰা সত্ত্বেও তেতিয়াৰ লেফটেনেণ্ট ৰাজ্যপালৰ ব্যক্তিগত আৱাসক দিল্লীলৈ বিভাগীয় ভ্ৰমণৰ সময়ত যাওঁতে ব্যৱহাৰ কৰা বাবে শিবিৰ কাৰ্য্যালয় (Camp Office)ৰূপে আন্দামান আৰু নিকোবৰ প্ৰশাসনে ঘোষণা কৰিছিল। ফলত চৰকাৰী পুঁজিৰ পৰা ২৯.৪৫ লাখ টকা নীতিবহিৰ্ভূতভাৱে খৰচ হৈছিল।’

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ৰ আন্দামানৰ ৰাজ্যপাল মুখিৰ ‘নতুন দিল্লীৰ জনকপুৰীত থকা ব্যক্তিগত বাসগৃহক কাৰ্য্যালয় গ্ৰহণৰ দিনাৰ পৰা অৰ্থাৎ ২০১৬ চনৰ আগষ্টৰ পৰা দায়িত্বভাৰ এৰালৈকে অৰ্থাৎ ২০১৭ চনৰ অক্টোবৰলৈকে নতুন দিল্লীৰ আন্দামান ভৱনৰ বাবে অনুমোদিত বাজেটৰ পৰা শিবিৰ কাৰ্য্যালয়ৰ বাবদ ৬.২৭ লাখ টকা ব্যয় কৰা হয়।’

কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে লেফটেনেণ্ট ৰাজ্যপালক ‘কোনো ভাৰা নিদিয়াকৈ আচবাবযুক্ত আৱাস দিয়া হয়’, কিন্তু ‘সেই আচবাবযুক্ত আৱাসৰ বাহিৰে আন কোনো শিবিৰ কাৰ্য্যালয় স্থাপনৰ কোনো ব্যৱস্থা’ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ লেফটেনেণ্ট ৰাজ্যপালসকলৰ নিযুক্তি বিধিসমূহত নাই।

দুয়োজন ৰাজ্যপালৰ দিনত চৰকাৰী ধনৰ পৰা ২৯.৪৫ লাখ টকা খৰচ হোৱাটো ‘বিবেচনাহীন আৰু নীতিবহিৰ্ভূত’ বুলি উল্লেখ কৰি কেগৰ প্ৰতিবেদনত কোৱা হৈছে ‘দিল্লীত থকাৰ সময়ত ব্যৱহাৰৰ বাবে লেফটেনেণ্ট ৰাজ্যপালৰ এটা আছুতীয়া আৱাসকে ধৰি নতুন দিল্লীৰ আন্দামান ভৱন হ’ল ৫৪ খন বিচনাযুক্ত এটা অতিথিশালা।’

অসমৰ বৰ্তমানৰ ৰাজ্যপাল জগদীশ মুখি আন্দামান আৰু নিকোবৰৰ লেফটেনেণ্ট ৰাজ্যপাল পদবীত থকাৰ পূৰ্বে দিল্লীৰ বিজেপি চৰকাৰৰ বিত্ত আৰু উচ্চ শিক্ষা মন্ত্ৰী আছিল।