NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম স্বৰাজ অভিযান আঁচনিৰ অন্তৰ্ভুক্ত ডিমা হাচাওৰ ৫০ খন গাওঁ

April 18, 2018 4:38 pm · পংকজ কুমাৰ দেব
Updated: April 18, 2018 5:46 pm

কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম স্বৰাজ অভিযান আঁচনিত দেশৰ ২১,০৫৮ খন গাঁৱৰ সৈতে অন্তৰ্ভুক্ত হৈছে ডিমা হাচাও ( Dima Hasao )ৰ ৫০ খন গাওঁ। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰ্যালয়ৰ অধীনত এই আঁচনি গ্ৰহণ কৰা হৈছে। হাফলঙত বুধবাৰ ১৭ এপ্ৰিলত এখন সংবাদমেলত এই কথা সদৰী কৰে প্ৰধানমন্ত্ৰী উজালা যোজনাৰ জিলা সমন্বয়ক বাচুদেব ছিটে।

ডিমা হাচাও জিলাৰ পঞ্চাশখন গাঁৱক ধোঁৱাহীন গাওঁ (smokeless village) ৰূপে গঢ়ি তুলিবলৈ ব্যৱস্থা হাতত লৈছে ভাৰত চৰকাৰে। সেই অনুসৰি উক্ত গাওঁসমূহৰ বাসিন্দাসকলক প্ৰধানমন্ত্ৰী উজালা যোজনাৰ অধীনত ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হ’ব।

২০১৬ চনৰ ১ জুন তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে এই যোজনাৰ আনুষ্ঠানিক আৰম্ভণি কৰিছিল। অহা ২০ এপ্ৰিলত দেশজুৰি ‘উজালা দিৱস’ পালন কৰা হ’ব।

ডিমা হাচাওৰ  তিনিখন ঠাইত ‘উজালা দিৱস’ৰ অঙ্গ হিচাপে এলপিজি পঞ্চায়ত বহিব আৰু তাতে প্ৰতিখন পঞ্চায়তত ১০০ টাকৈ নতুন ৰন্ধন গেছৰ সংযোগ দিয়া হ’ব। পাৰ্বত্য জিলাখনৰ মাইবাঙ, হাৰাঙ্গাজাও আৰু উমৰাংচুত এই পঞ্চায়ত অনুষ্ঠিত হ’ব। গেছ সংযোগৰ উপৰি এই অনুষ্ঠানতে ৰাইজৰ মাজত ৰন্ধন গেছ সন্দৰ্ভত সজাগতা গঢ়ি তোলা, মহিলা সবলীকৰণ  আৰু গেছৰ সংযোগৰ পৰা কি কি সুবিধা পোৱা যাব এই বিষয়ত আলোচনা হ’ব।

ডিমা হাচাওৰ ৰুইনা গেছ চাৰ্ভিচ, এক্সটিচি গেছ আৰু চিৰঞ্জীৱ গেছ চাৰ্ভিচে উক্ত পঞ্চায়ত আয়োজনৰ উদ্যোগ ল’ব।

উল্লেখযোগ্য যে ডিমা হাচাও জিলাত যোৱা বছৰৰ জুন মাহত প্ৰধানমন্ত্ৰী উজালা যোজনাৰ আনুষ্ঠানিক আৰম্ভণি হয় আৰু এতিয়ালৈকে জিলাখনত উক্ত আঁচনিৰ যোগেদি মুঠ ন হেজাৰ সংযোগ দিয়া হৈছে।

সংবাদমেলখনত চিৰঞ্জীৱ গেছ চাৰ্ভিচৰ স্বত্বাধিকাৰী চিৰঞ্জীৱ হাফলংবাৰ, এক্সটিচি গেছৰ স্বত্বাধিকাৰী জি এম হোজাই আৰু ৰুইনা গেছ চাৰ্ভিচৰ মেনেজাৰ সুদীপ ৰায়ো উপস্থিত থাকে।

Related News