কেন্দ্ৰীয় যুটীয়া গৃহ সচিবক নতুন দিল্লীত সাক্ষাৎ কৰিলে দেবলাল গাৰ্ল’ছাই
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্ল’ছাৰ নেতৃত্বত যোৱা এক প্ৰতিনিধি দলে আজি ১৬ মে’ত কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গক নতুন দিল্লীৰ নৰ্থ ব্লকত সাক্ষাৎ কৰে।
মুখ্য কাৰ্য্যবাহীজনৰ লগত আছিল হাফলঙৰ বিধায়ক বি বি হাগজেৰ, পাৰিষদ ছেমুয়েল চাংছন, নামৰথাং মাৰ আৰু দেৱজিত বাথাৰী।
ডিমা হাচাওৰ মান্দেৰদিছাত প্ৰস্তাৱিত বাঁহ উদ্যোগ পাৰ্ক সন্দৰ্ভত যুটীয়া সচিবগৰাকীৰ সৈতে দীঘলীয়া আলোচনা হয়।
প্ৰকল্পটো বাঁহ প্ৰ’চেছিঙৰ নৱতম প্ৰযুক্তিৰ লগতে দক্ষতা বিকাশ প্ৰশিক্ষণ, কৰ্মসংস্থান সৃষ্টিৰ ব্যৱস্থা থকা এক প্ৰতিষ্ঠান হ’ব বুলি উল্লেখ কৰি সচিবজনে কয় যে প্ৰকল্পটোৱে জিলাখনৰ আৰ্থিক আৰু ঔদ্যোগিক দৃশ্যপট সলাই পেলাব।
পাৰ্বত্য জিলাখনৰ বাঁহ নিৰ্ভৰ প্ৰকল্পটো সন্দৰ্ভত সচিবজনে আশা প্ৰকাশ কৰে।