কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাৰ

Arunachal Pradesh Governor Brig. (Dr.) B.D. Mishra (Retd.) With Union Health Minister

অৰুণাচলৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ ড০ বি ডি মিশ্ৰা(অৱসৰপ্ৰাপ্ত)ই আজি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত কৰে। দেশৰ ৰাজধানী নতুন দিল্লীলৈ চৰকাৰী ভ্ৰমণত যোৱা ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত অৰুণাচল প্ৰদেশৰ চিকিৎসালয়সমূহ তথা স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত যে বিশেষজ্ঞৰ অভাৱ ঘটিছে সেই কথা অৱগত কৰায়।

ৰাজ্যপালগৰাকীয়ে এই অসুবিধা কেন্দ্ৰীয় মন্ত্ৰীজনক অৱগত কৰোৱা বাবে ধন্যবাদ জনোৱাৰ লগতে মন্ত্ৰালয়ৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

অৰুণাচল প্ৰদেশৰ এই সমস্যাটো তৎকালীনভাবে সমাধান হোৱাৰ বাবে অন্য ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ লগত জৰিত লোকক ৰাজ্যখনত প্ৰতিনিযুক্তি দিবলৈ ৰাজ্যপাল মিশ্ৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পৰামৰ্শ আগবঢ়াই।

প্ৰতিনিযুক্তি সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে কোনোবা বিশেষজ্ঞই অৰুণাচলত আহিব বিচাৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰে সকলো খৰচ বহন কৰিব।

এই আঁচনিৰ সফল তথা শীঘ্ৰে ৰূপায়ন কৰিবলৈ ৰাজ্যপালে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত কৰাৰ পূৰ্বে অৰুণাচলৰ ৰাজ্যপাল মিশ্ৰাই কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ পৰ্যটন মন্ত্ৰী কে জে আলফনছকো সাক্ষাত কৰে। সাক্ষাতৰ সময়ত অৰুণাচলৰ পৰ্যটনস্থলীসমূহ কেনেদৰে আৰু অধিক জনপ্ৰিয় কৰিব পাৰি বা পৰ্যটকসকলক কিদৰে আকৰ্ষণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে।

পৰ্যটনস্থলীৰূপে পৰিচিত ঐতিহাসিক তথা ধৰ্মীয় ঠাইসমূহত সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবেও ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান কৰে।

পৰ্যটন মন্ত্ৰীজনে ৰাজ্যপালৰ অনুৰোধ মৰ্মে অতি শীঘ্ৰে অৰুণাচল ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰ্যটন দিশটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি জনায়।