কেন্দ্ৰৰ মটৰ শ্ৰমিক, ক্ষুদ্ৰ মালিকৰ স্বাৰ্থবিৰোধী নীতি : ৭ আগষ্টত ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান

মটৰ শ্ৰমিক পৰিবহন

অহা ৭ আগষ্টত কেন্দ্ৰীয় চৰকাৰে মটৰ শ্ৰমিক তথা ক্ষুদ্ৰ মালিকৰ স্বাৰ্থবিৰোধী নীতি লোৱাৰ অভিযোগ তুলি সমগ্ৰ ভাৰততে ২৪ ঘন্টীয়া চকা বন্ধৰ আহ্বান জনাইছে।

সৰ্বভাৰতীয় মটৰ শ্ৰমিক ফেডাৰেশ্বনে আহ্বান কৰা এই চকা বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই। ডাঙৰ যান-বাহন, চিটি বাছ, অলা-উবেৰ, অট’ৰিক্সা, টেক্সিকে ধৰি সকলোবোৰ যান-বাহন বন্ধ থাকিব।

শুকুৰবাৰে সংবাদমেল যোগে এই কথা জনালে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্চ এচ’ছিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মাই।

অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱৰ্কাৰ্চ ফেডাৰেশ্যন, সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ, অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন, নৰ্থ ইষ্ট হেভী গুডচ কেৰিয়াৰ ট্ৰাক ওনাৰ্চ এণ্ড ড্ৰাইভাৰ্চ ৱেলফেয়াৰ এছ’চিয়েচন, অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ যৌথ মঞ্চৰ তৰফৰ পৰা এই চকা বন্ধ পালন কৰিবলৈ সমূহ মটৰ শ্ৰমিক তথা মালিকসকলক আহ্বান জনায়।

তেওঁলোকৰ মতে, “দিনে দিনে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰাৰ উপৰিও ১৯৮৮ চনৰ মটৰ ভেহিক’ল আইন মটৰ শ্ৰমিক তথা সাধাৰণ মালিকৰ বিৰুদ্ধে আনকি ৰাজ্যসমূহৰ পৰিবহন নিগম তথা ৰাজ্য চৰকাৰৰ স্বাৰ্থৰ বিৰুদ্ধে গৈ সংশোধন কৰিব বিচাৰিছে।

তদুপৰি বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সংখ্যাগৰিষ্ঠতাৰ জোৰত মটৰ ভেহিকেল সংশোধনী বিল ২০১৭ খন লোকসভাত গৃহীত কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে বুলিও শৰ্মাই সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয়, “সম্প্ৰতি ৰাজ্যসভাত বিলখনক লৈ বিতৰ্ক চলি আছে। বিৰোধী পক্ষৰ বহুতে এই বিলৰ বিৰোধিতা কৰি যুক্তি আগবঢ়াইছে।”

তাৎপৰ্যপূৰ্ণভাবে যদিহে বিলখন গৃহীত হৈ আইনত পৰিণত হয়, তেন্তে মটৰ শ্ৰমিক তথা শ্ৰমিক পৰিয়ালৰ বিলাই বিপত্তি নোহোৱা হ’ব বুলি আশংকা প্ৰকাশ কৰে মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চই।

সেয়েহে সৰ্বভাৰতীয় মটৰ শ্ৰমিক ফেডাৰেশ্যনে দেশজোৰা চকাবন্ধ পালন কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, MV Act Amendment Bill ৰ Clause 34 section(I) ৰ আধাৰতে UBER আৰু OLA ৰ দৰে বৃহৎ কোম্পানীক অনুমতি দি দেশৰ কোটি কোটি অট’ৰিক্সা, টেক্সী, বাছ আদিৰ শ্ৰমিক-মালিকক বিপদত পেলাইছে বুলি সংবাদমেলত উপস্থিত থকা অ’লা-ওবেৰ চালক সন্থাৰ সভাপতি ইছমাইল আলিয়ে সাংবাদিকক জানিবলৈ দিয়ে।

তেওঁ লগতে অভিযোগ কৰে, “কেইদিনমান পূৰ্বে সোণমণি কলিতা নামৰ এজন যুৱকে আত্মহত্যা কৰিছিল। কাৰণ এসময়ত অ’লা উবেৰ কৰ্তৃপক্ষই  প্ৰলোভন দিয়া ইনচেনটিভ বন্ধ কৰি দিয়াত অলা উবেৰৰ গাড়ীৰ চালক মালিক হতাশ হৈ পৰিছে।”

তেওঁলোকৰ অন্য দাবী সমূহৰ বিতৰত আছে অসমৰ পথ পৰিবহন শ্ৰমিকৰ বাবে পেন্সন, চিকিৎসা আৰু ল’ৰা-ছোৱালীৰ শিক্ষা সাহায্যক লৈ কল্যাণ আইন প্ৰণয়ন কৰা, গাড়ীচালক কৰ্মচাৰীসকলৰ সাধাৰণ নিৰাপত্তাত গুৰুত্ব দিয়া ইত্যাদি।

সম্প্ৰতি ৰাজ্যত মটৰ শ্ৰমিকসকলৰ বাবে কোনো এখন চৰকাৰে একো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰাৰ লগতে সামাজিক সুৰক্ষাৰ অভাৱ হৈছে বুলিও ব্যক্ত কৰে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱৰ্কাৰ্চ এছ’চিয়েশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক বীৰেন শৰ্মাই।