NORTHEAST NOW (Assamese)

কেমেৰাযুক্ত ড্ৰ’নেৰে আকাশৰ পৰা পৰ্য্যৱেক্ষণ লামডিঙৰ উদমাৰী ৰে’ল দলঙৰ নিৰাপত্তা; শৰাইঘাট, দৈয়াং দলঙতো লোৱা হ’ব অনুৰূপ ব্যৱস্থা

March 29, 2018 4:26 pm · এন ই নাও নিউজ
শৰাইঘাট দলঙৰ আকাশমাৰ্গৰ পৰা লোৱা ছবি

ড্ৰ’নত কেমেৰা লগাই আকাশমাৰ্গৰ পৰা প্ৰথম বাৰৰ বাবে উত্তৰ-পূব ৰে’লৱে’ৰ লামদিং দিভিজনৰ উদমাৰী দলঙৰ নিৰাপত্তা তদাৰকী কৰিলে ৰে’লৱে’ই।

এন এফ ৰে’লৱে’ সূত্ৰই আজি ২৯ মাৰ্চত এই কথা সদৰী কৰিছে।

উদমাৰী দলং

ৰে’লৱে’ সূত্ৰই লগতে জনোৱা মতে পৰৱৰ্তী সময়ত শৰাইঘাট দলং আৰু দৈয়াং দলঙৰ নিৰাপত্তাও এইদৰে কেমেৰাযোগে আকাশৰ পৰা কৰা হ’ব।

আনহাতে ২০২১-২২ চনৰ ভিতৰত সকলো ভাৰতীয় ৰে’লতে বায়’ টইলেট স্থাপন কৰাৰ সিদ্ধান্ত সলনি কৰি ২০১৯ চনৰ ভিতৰতে এই কাম সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’ল মন্ত্ৰ্যালয়ে।

Related News