NORTHEAST NOW (Assamese)

কেলচিয়াম কাৰ্বাইড দি পকোৱা লক্ষাধিক টকাৰ আম ধ্বংস কৰিলে ধুবুৰী জিলা প্ৰশাসনে

June 1, 2018 10:20 pm · মুকেশ কুমাৰ সিং
Updated: June 1, 2018 10:29 pm

চাৰিওফালে ৰাসায়নিক পদাৰ্থ দি কৃত্ৰিমভাৱে পকোৱা ফল-মূলে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সময়তে আজি ধুবুৰী জিলা প্ৰশাসনে চহৰখনৰ বিভিন্নটা ফলৰ গুদামত এটা সময়োপযোগী অভিযান চলায়।

আজি এটা গোপন সূত্ৰৰ পম খেদি ধুবুৰী জিলা প্ৰশাসনে এই অভিযানটো চলাইছিল। অভিযানৰ সময়ছোৱাত চহৰখনৰ এন এছ পথত থকা কেইবাটাও গুদামত কাৰ্বাইড দি থোৱা অৱস্থাত কেইবা কুইণ্টল আম জব্দ কৰে। অভিযানকাৰী দলটোৱে পিছত সেইবোৰ নষ্ট কৰি পেলায়।

উল্লেখযোগ্য যে এই অভিযানটো ধুবুৰীৰ কাৰ্য্যবাহী দণ্ডাধীশৰ নেতৃত্বত চলিছিল আৰু ইয়াত সহযোগ কৰিছিল স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা বিষয়া নয়ন কুমাৰ দাস, আৰক্ষী আৰু ধুবুৰী পৌৰসভাৰ বিষয়াসকলে।

জানিব পৰা মতে, এই অভিযানৰ সময়ত আমক বিশেষভাৱে গুৰুত্ব দিয়া হয় যদিও এইদৰে কৃত্ৰিম পদ্ধতিৰে পকোৱা কলৰ বিৰুদ্ধেও অচিৰেই অভিযান চলিব।

আনহাতে খাদ্য সুৰক্ষা বিষয়া নয়ন কুমাৰ দাসে কয় যে কেলচিয়াম কাৰ্বাইড খাদ্য সুৰক্ষা আৰু ষ্টেণ্ডাৰ্ড ৰেগুলেইশ্যনৰ অধীনত নিষিদ্ধ কৰা হৈছে। এইবোৰ স্বাস্থ্যৰ পক্ষে হানিকৰ, কিন্তু ফল ব্যৱসায়ীৰ দ্বাৰা বহুলভাৱে ব্যৱহৃত।

তেওঁ কয় যে বিভাগটোৱে জব্দ কৰাৰ আমবোৰৰ নমুনা সংগ্ৰহ কৰিছে আৰু এইবোৰ গুৱাহাটীস্থিত গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব। তাৰ পিছত দোষী ফলৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।

আনহাতে আজি জব্দ কৰা আমবোৰ ট্ৰাকত তুলি আৱৰ্জনা পেলোৱা ঠাই মেলা মৈদানলৈ নি পেলাই দিয়া হয়।

উল্লেখযোগ্য যে সমগ্ৰ অসমৰ বিভিন্ন চহৰত এতিয়া বাহিৰৰ পৰা, বিশেষকৈ বিহাৰ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশৰ পৰা অনা আৰু এইদৰে কৃত্ৰিম পদ্ধতিৰে পকোৱা আম সুলভ হৈ উঠিছে, যিবোৰে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

Related News