NORTHEAST NOW (Assamese)

কোঁচ-হাজো ভূমিৰ দাবীত কনক’ৰ্ফৰ সংবাদমেল

December 8, 2017 11:36 am · এন ই নাও নিউজ ব্যুৰো

কোঁচ-হাজো ভূমিৰ দাবী তুলি কালি কোঁচ ৰাজকীয় পৰিয়ালক লৈ গঠিত সংস্থা (CONKORF)  য়ে এখন সংবাদমেলৰ আয়োজন কৰে। উক্ত সংবাদমেলত ঘাইকৈ কোঁচ ৰাজ পৰিয়াল সমূহহে প্ৰকৃত থলুৱা খিলঞ্জীয়া বুলি দাবী কৰে। সংস্থাৰ সম্পাদক প্ৰণৱ নাৰায়ন দেৱে কয় যে বড়ো সকল প্ৰকৃততে টিব্বতিয়ন হে। তেওঁলোকৰ ইয়াত প্ৰকৃততে কোনো উত্তৰাধিকাৰী নাই। তথ্য অনুসৰি বি টি এ ডিত ১১ লাখ বড়োৱে ২২ লাখ অনাবড়োৰ ওপৰত আধিপত্য তথা অতপালি চলাই অহাৰ অভিযোগ উত্থাপন কৰে সংস্থাটোৱে। উল্লেখ কৰে যে বড়োসকলে কোঁচ ৰাজ বংশীৰ মাটিহে দখল কৰি আছে।

বড়ো সকলে  কৌশলগত ভাৱে কমতাপুৰক তেওঁলোকৰ বড়োভূমিত সুমুৱাৰ অপচেষ্টা চলাই আছে। বড়ো ভূমি প্ৰকৃততে এসময়ত কোঁচ-হাজোত অন্তৰ্গত আছিল বুলি সংবাদমেল যোগে দাবী জনায়। বিগত সময়ত বড়ো সকলৰ বিৰুদ্ধে চৰকাৰে মাত নমতাৰ অভিযোগ উত্থাপন কৰি কয় যে বি টি এ ডিত বড়ো সকলে অনা বড়ো সকলৰ গণতান্ত্ৰিক অধিকাৰ বিনষ্ট কৰিছে।

Related News