NORTHEAST NOW (Assamese)

কোকিলাৰ নাম্বাৰপাৰাত বিধ্বংসী অগ্নিকাণ্ড; কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি বিনষ্ট

July 11, 2018 5:36 pm · ইয়াছিন আলী

যোৱা নিশা বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ৩য় খণ্ডত নিশা প্ৰায় ১১ মান বজাত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডটোৰ জুইয়ে কালৰূপ ধাৰণ কৰাত এঘৰ লোকৰ ছিলিণ্ডাৰ বিষ্ফোৰিত হৈ আৰু অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে।

পিছত অগ্নিকাণ্ডটো বিয়পি পৰাত ওচৰৰ ৪টা পৰিয়ালৰ বাসগৃহ, গেলামালৰ দোকানে ধৰি ৮টা ঘৰ, ৩ খনকৈ বাইক, লক্ষাধিক টকাৰ আ-অলংকাৰ, নগদ ২৪ হেজাৰ টকাকে ধৰি বহু সা-সামগ্ৰী তথা ভষ্মীভূত হয়। তদুপৰি জীৱন্তে অগ্নিদগ্ধ গৰু ছাগলীকে ধৰি বহু সংখ্যক পশুধন।

আনহাতে, স্থানীয়লোকে ঘটনা সংক্ৰান্তত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপকৰ গাড়ী আহিছিল যদিও জৰাজীৰ্ণ ৰাস্তাৰ বাবে অগ্নিকাণ্ডস্থলীত উপস্থিত হ’ব নোৱাৰিলে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী।

ঘটনাৰ খবৰ পায়ে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দমাহু ৰয়ৰ লগতে কেইবাজনো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থতিৰ বুজ লয়।

Related News