কোকৰাঝাৰত অনুষ্ঠিত হ’ব বাওখুংগ্ৰী মহোৎসৱৰ পঞ্চম সংস্কৰণ

F-570x320

বাওখুংগ্ৰী মহোৎসৱৰ পঞ্চম সংস্কৰণটো অহা ১২ এপ্ৰিলৰ পৰা এইবাৰ কোকৰাঝাৰ জিলাত আয়োজন কৰা হৈছে।

বিটিচিৰ অৰ্থ সাহায্যত বাওখুংগ্ৰী আয়োজক কমিটিয়ে এই মহোৎসৱটোৰ আয়োজন কৰিছে।

মঙলবাৰে বিটিচি সচিবালয়ত বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীৰ অধ্যক্ষতাত সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, খোমলাইনাই, গিলা, বাথা, ডাওব’ এইথিং, কুকুঁৰা যুঁজৰ দৰে পৰম্পৰাগত খেল প্ৰতিযোগিতা, জনগোষ্ঠীয় খাদ্য মেলা আৰু সাংস্কৃতিক সমাৰোহৰো আয়োজন কৰাৰ সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হয়।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে পাহাৰ বগোৱা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

মহোৎসৱখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰস্তুতিৰ কাম পূৰ্ণ গতিত চলি আছে। সূত্ৰসমূহে জনোৱা মতে এইবাৰ মহোৎসৱৰ জনগোষ্ঠীয় খাদ্য মেলাত ১০০ তকৈয়ো অধিক বিপনী মুকলি কৰা হ’ব।

আনহাতে, পাহাৰ বগোৱাৰ বাবে ৰাস্তা সম্পূৰ্ণ কৰি তোলা হৈছে। তদুপৰি, মহোৎসৱখনৰ অন্যতম আকৰ্ষণ হ’ব পেৰাগ্লাইডিং ক্ৰীড়া।