কোকৰাঝাৰত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত এনডিএফবি (স)ৰ কেডাৰ নিহত

NDFB

কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলত নিৰাপত্তাৰক্ষীৰে সংৰ্ঘষত এজন এনডিএফবি (স)ৰ কেডাৰ নিহত হৈছে বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উক্ত বনাঞ্চলত এনডিএফবি (স)ৰ কেইবাজনো কেডাৰে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে আজি পুৱতি নিশা এক যৌথ অভিযান চলায়।

পুৱতি নিশা প্ৰায় ৩.৩০ বজাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে চলোৱা এই অভিযানৰ ফলত দুয়োপক্ষৰ মাজত হোৱা গুলীয়াগুলিত এনডিএফবি(স)ৰ কেডাৰজনৰ মৃত্যু হয় বুলি প্ৰকাশ কৰিছে আৰক্ষী সূত্ৰই।অৱশ্যে নিহত কেডাৰজনৰ পৰিচয় আৰক্ষীয়ে এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা একে ছিৰিজৰ ৰাইফল, সক্ৰিয় গুলী, ভূটানৰ ছিম কাৰ্ড থকা ম’বাইল, নগদ ধন আৰু বহু আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে প্ৰাথমিক অৱস্থাত আহত কেডাৰজনক কোকৰাঝাৰৰ স্থানীয় আৰ এন বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে কেডাৰজনক মৃত ঘোষণা কৰে।

ইতিমধ্যে উগ্ৰপন্থীৰ সন্ধানত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। ঘটনাটোৱে অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।