কোকৰাঝাৰত এন ডি এফ বি (সং)ৰ এজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ

ৰাজ্যখনত সময়ে সময়ে চলি অহা উগ্ৰপন্থীৰ কাৰ্যকলাপৰ মাজতে অসম আৰক্ষীয়ে এজন এন ডি এফ বি কেদাৰক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ মতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্যৰ ভীত্তিত সেনা তথা কোকৰাঝাৰ আৰক্ষীয়ে আজি কোকৰাঝাৰ ব’মবাত এক যুটীয়া অভিযান চলায়। উক্ত অভিযানত তেওঁলোকে এম ডি এফ বি (সং) ৰ এজন দুর্ধৰ্ষ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা অনুসৰি আটকাধীন উগ্ৰপন্থীজনক দিশ্বা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বিচমুৰী আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম বদ্ৰনপুৰ গাঁৱৰ লিথ’ বসুমতাৰীৰ পুত্ৰ দিশ্বা বসুমতাৰীৰ বয়স ২৩ বছৰ। উগ্ৰপন্থীজনৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ এম এম পিষ্টল আৰু দুই জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আনহাতে আৰক্ষীয়ে জনায় যে ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত  ধৃত দিশ্বা বসুমতাৰী এন ডি এফ বি (সং)ৰ ৪২ নং গোটৰ সদস্য হোৱাৰ লগতে তেওঁ ধন দাবী, ধন সংগ্ৰহ আৰু অন্যান্য বহু আপত্তিজনক কাৰ্যৰ সৈতে জড়িত।