কোকৰাঝাৰত জৰাজীৰ্ণ পথৰ মেৰামতিত নামিব লগীয়া হ’ল ছাত্ৰ-শিক্ষক তথা স্থানীয় ৰাইজ : চৰকাৰক কঠোৰ সমালোচনা আমছুৰ

সোমবাৰে কোকৰাঝাৰৰ ভূটগাঁৱত জিলা আমছু, আঞ্চলিক শাখা, ৪ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় বাসিন্দাই শোচনীয় অৱস্থাত থকা কোকৰাঝাৰ-ফুটকিবাৰী-বৰুৱাপাৰা পথটো শীঘ্ৰে মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

কোকৰাঝাৰ জিলা আমছুৰ সাধাৰণ সম্পাদক ছবিকুলে কয় যে প্ৰায় ১০০ ছাত্ৰ-ছাত্ৰী আৰু সংগঠনটোৰ কৰ্মীয়ে প্ৰায় ২ ঘণ্টা ধৰি ভূটগাঁৱৰ জৰাজীৰ্ণ পথটো মেৰামতি কৰে।

বিভিন্ন ছাত্ৰ সংগঠন, স্থানীয় বাসিন্দা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰায় ১৪ কি. মি. জোৰা জৰাজীৰ্ণ অৱস্থাত থকা কোকৰাঝাৰ-ফুটকিবাৰী-বৰুৱাপাৰা পথটো মেৰামতিৰ বাবে দাবী জনাই আহিছে। কিন্তু বৰ্তমানলৈকে চৰকাৰে পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।

আনহাতে স্থানীয় বাসিন্দা, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বিভিন্ন সমস্যাত ভূগি অহাৰ বাবে সোমবাৰে সকলো একত্ৰিত হৈ পথটো মেৰামতি কৰিবলৈ এনেদৰে ওলাই আহিব লগীয়া হয় বুলিও আমছুৰ সাধাৰণ সম্পাদক ছবিকুলে জানিবলৈ দিয়ে।

সম্পাদক গৰাকীয়ে জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বিটিচি আৰু অসম চৰকাৰক সমালোচনা কৰে।লগতে কোকৰাঝাৰ-ধুবুৰি সংযোগী পথটো অতি শীঘ্ৰে মেৰামতি নকৰিলে অধিক জংগী আন্দোলন গঢ়ি তুলিব বুলি কয়।

ইফালে প্ৰতিবাদকাৰী সকলে কয় যে আজি ২ বছৰ ধৰি কোৰাঝাৰ-ফুটকিবাৰী-বৰুৱাপাৰা পথটো জৰাজীৰ্ণ অৱস্থাতে থকাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।সেয়ে প্ৰতিবাদকাৰী সকলে বিটিচি প্ৰশাসন আৰু অসম চৰকাৰক জৰাজীৰ্ণ অৱস্থাত থকা পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছে।