ৰাজ্যৰ প্ৰায়বোৰ মহানগৰ আৰু চহৰত যান- বাহনক শৃংখলাবদ্ধতাৰে পাৰ্কিং কৰাটো বাধ্যতামূলক কৰাৰ দৰে বড়োলেণ্ডৰ মুখ্য কেন্দ্ৰ কোকৰাঝাৰ সদৰ চহৰতো ট্ৰেফিক আইন কঠোৰ ভাৱে ৰূপায়ণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । বিগত সময়ছোৱাত ইমান দিন ধৰি শৃংখলাবদ্ধতাৰে চহৰখনত পাৰ্কিঙৰ ব্যৱস্থা নাছিল যদিও আজিৰ পৰা কোকৰাঝাৰ পৌৰ সভাৰ অধীনত জৗহৌলাও পাৰ্কিং চছাইটি নামৰ এটা বেচৰকাৰী সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছে। আজি কোকৰাঝাৰ চহৰত পথৰ পাৰ্কিং মাছুল সংগ্ৰহৰ ব্যৱস্থা বেচৰকাৰী সংস্থাটোৰ মুৰব্বী বিষয়া মিলন দৈমাৰীয়ে কোকৰাঝাৰ ট্ৰেফিক আৰক্ষী বিষয়া জ্ঞাচুদ্ধীন আহমেদৰ উপস্থিতিত শুভ উদ্ধোধন কৰে । উদ্ধোধন কৰি জৗহোলাও পাৰ্কিং চছাইটি বেচৰকাৰী সংস্থাৰ পৰিচালক লেছী মেক্স মিলন দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বি টি চিৰ মুখ্য সদৰ হ’ল কোকৰাঝাৰ । কোকৰাঝাৰৰ যান-জঁট নিয়ন্ত্ৰণ কৰাৰ লগতে শৃংখলাবদ্ধতাৰে চহৰৰ পথত পাৰ্কিং স্থানত বাহন সমূহ পাৰ্কিং কৰি এটি সুন্দৰ পৰিবেশ গঢ়ি তোলাৰ অতি প্ৰয়োজন আছে । সেয়ে আজিৰ পৰা কোকৰাঝাৰ চহৰত এই শৃংখলাবদ্ধতা ৰক্ষা কৰি চহৰখনৰ ১ নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি ১০ নং ৱাৰ্ডলৈ পথ সমূহত পাৰ্কিঙৰ বাবে নিৰ্দ্দিষ্ট স্থান বনাই দিয়া হৈছে । এই নিৰ্দ্দিষ্ট পাৰ্কিং স্থানত পাৰ্কিঙৰ বাবে দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ গৰাকীয়ে পাৰ্কিং মাছুল প্ৰতি ঘন্টাত ক্ৰমে পাঁচ টকা আৰু দহ টকা আদায় দিব লাগিব । আনহাতে চহৰখনৰ দোকানী সকলে নিজৰ বাহন স্থায়ী ভাৱে পাৰ্কিং কৰাৰ বাবে ৰেহাই মূল্যত মাহিলী পাৰ্কিং মাছুল দিব লাগিব ক্ৰমে দুচকীয়া বাহনত ৩০০ আৰু চাৰিচকীয়াত ৬০০ টকা । আনহাতে নিৰ্দ্দিষ্ট পাৰ্কিং স্থানত বাহন সমূহ পাৰ্কিং নকৰিলে ট্ৰেফিক আইন উলংঘা কৰা অপৰাধত ইউ / এছ – ১৭৯(i) এম ভি এক্ট আইনত ৫০০ টকা জৰিমনা বিহা হ’ব বুলি দৈমাৰীয়ে জানিবলৈ দিয়ে। সেয়ে কোকৰাঝাৰ চহৰখন শৃংখাবদ্ধভাৱে ৰাখিবলৈ বেচৰকাৰী সংস্থাটোৱে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লেছী দৈমাৰীয়ে ।
কোকৰাঝাৰত ট্ৰেফিক আইনৰ ৰূপায়ণৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
ৰিনয় বসুমতাৰী
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
ৰিনয় বসুমতাৰী
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
ৰিনয় বসুমতাৰী
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
ৰিনয় বসুমতাৰী
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
ৰিনয় বসুমতাৰী
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
ৰিনয় বসুমতাৰী
September 16, 2024 1:06 pm