• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত পৃথক বড়োলেণ্ডৰ দাবীত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 12:52 pm
Bodoland-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

104
VIEWS
Share on FacebookShare on Twitter

আজি কোকৰাঝাৰত এবছু, এন ডি এফ বি ( পি) আৰু পিপুলছ জইণ্ট একশ্যন কমিতি ফৰ বড়োলেণ্ড মুভমেণ্টে  পৃথক বড়োলেণ্ডৰ দাবীত আহ্বান জনোৱা পথ অৱৰোধ কাৰ্যসূচীত পুনৰবাৰ উত্তাল হৈ পৰিল কোকৰাঝাৰৰ কাৰিগাঁও।

এই তিনিওটা দল-সংগঠনৰে শ শ প্ৰতিবাদকাৰী লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ওলাই আহি পৃথক বড়োলেণ্ডৰ দাবীত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা পৰিলক্ষিত হয়।

আজি ৰাতিপুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ আহ্বান কৰা সংগঠনকেইটাৰ সমৰ্থকসকলে ৰাতিপুৱাতে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান আওৰাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

মনকৰিবলগীয়া যে পৃথক বড়োলেণ্ডৰ দাবীত গ্ৰহণ কৰা এই অৱৰোধ কাৰ্যসূচীৰ ফলত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ শ যান বাহন আবদ্ধ হৈ পৰাৰ লগতে দূৰণিৰ পৰা অহা যাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে বড়ো সকলে পৃথক ৰাজ্যৰ দাবীত দীৰ্ঘ দিন ধৰি আন্দোলন কৰি আহিছে। এই ক্ষেত্ৰত ২০১৭ চনৰ ২৬ এপ্ৰিলত বিজেপি চৰকাৰৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত বৈঠক আয়োজন কৰি বড়োলেণ্ড সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল।

কিন্তু ইয়াৰ এবছৰ পাছতো কোনো সমাধান সূত্ৰ নোলোৱাত পুনৰ এইদৰে বড়ো দল-সংগঠন সমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd