কোকৰাঝাৰত বাংলাদেশীক আটক

কোকৰাঝাৰৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অধীনৰ দুৰামাৰি গাঁৱৰ পৰা কালি আৰক্ষীয়ে এজন বাংলাদেশীক আটক কৰে। সন্দেহজনক চাল-চলনৰ বাবে তেওঁক আৰক্ষীয়ে সোধা-পোছা কৰোঁতে তেওঁ উপযুক্ত উত্তৰ দিব পৰা নাছিল বুলি জনা গৈছে। তেওঁৰ বয়স প্ৰায় ১৯ বছৰ। আৰক্ষীয়ে তেওঁক তেওঁৰ পৰিচয় সম্পৰ্কীয় নথি-পত্ৰ দেখুৱাবলৈ কোৱাত কোনো বৈধ নথি দেখুৱাব নোৱাৰিলে। আৰক্ষীৰ তথ্যমতে, ধৃত বাংলাদেশীজনৰ নাম আৰু পৰিচয় হ’ল:-

আলামিন ইচলাম

পিতা : প্ৰয়াত চাহজাহান ইচলাম

মাতৃ : আমিনা কুলচুম

গাওঁ : কানাই বৰতলা (চাৰি চিক্কা কলেজৰ কাষত)

ডাক : মুক্তাগচা

থানা আৰু জিলা : মৈমনচিং

দেশ : বাংলাদেশ

পেচা : গাড়ী চালক।

উল্লেখযোগ্য যে তেওঁ ৰাজধানী এক্সপ্ৰেছত আহি দুৰামাৰি গাঁও পাইছিলহি বুলি জানিব পৰা গৈছে। আলামিন ইচলামক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।