ম্যানমাৰত প্ৰশিক্ষিত এন ডি এফ বি (স)ৰ কেডাৰ ৰিন্দাওৰ আত্মসমৰ্পণ

Surrendered NDFB (S) cadre Rindao

কোকৰাঝাৰ জিলাৰ চেফৰাংগুৰি আৰক্ষী থানাত আজি ৰিন্দাও ব্ৰহ্ম ওৰফে ৰিংঘাব ওৰফে মাজাম নামৰ এজন এন ডি এফ বি (স) গোটৰ কেডাৰে আত্মসমৰ্পণ কৰে।

কাপুৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্ম গাৱঁৰ সোমেশ্বৰ ব্ৰহ্মৰ পুত্ৰ তথা বিদ্ৰোহী সংগঠনটোৰ ৪২ নং গোটৰ কেডাৰ ২৫ বছৰীয়া ৰিন্দাও ব্ৰহ্ম ২০১৭ চনৰ নবেম্বৰত কোকৰাঝালৈ উভতি অহাৰ পূৰ্বে ম্যানমাৰত আছিল।

তেওঁক পৰিয়ালৰ লোকে আৰক্ষী থানালৈ লৈ অনা বুলি জনাই কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে এই সম্পৰ্কত ন্যায়িক পক্ৰিয়া আৰম্ভ কৰা হৈছে।

তিনি বছৰ পূৰ্বে, ২০১৪ চনৰ নবেম্বৰত তেওঁ এন ডি এফ বি (স) গোটত যোগদান কৰিছিল বুলি ৰিন্দাও ওৰফে ৰিংঘাবে সংবাদ মাধ্যমৰ লোকৰ আগত সদৰী কৰি কয়, ‘এন ডি এফ বি (স) ৰ নেতাসকলৰ পৰা মই ম্যানমাৰত প্ৰশিক্ষণ লাভ কৰিছিলো। যোৱা বৰ্ষৰ নবেম্বৰত মোৰ সৈতে গোটটোৰ আন ৬ জন সদস্যক সাংগঠনিক কামৰ বাবে অসম আৰু বি টি চি অঞ্চললৈ প্ৰেৰণ কৰা হৈছিল। অলপতে হোৱা এক যুটীয়া অভিযান কালত আমাৰ এজন সহযোগী নিহত হৈছিল।’

ৰিন্দাওয়ে লগতে কয় যে ম্যানমাৰত আলফা (স্বা), কে এল অ’, পি ডি চি কে, এন ডি এফ বি (স)কে ধৰি উত্তৰ-পূবৰ ১১ টাতকৈ অধিক উগ্ৰপন্থী সংগঠনৰ শিবিৰ আছে। আনহাতে, এন ডি এফ বি (স) গোটৰ প্ৰায় ২০০ কেডাৰে বিদেশৰ মাটিৰ পৰা সংগঠনটোৰ বাবে কাম কৰি আছে বুলিও সদৰী কৰে।

অৱশ্যে ৰিন্দাওয়ে কয় যে এন ডি এফ বি (স)ৰ সেনাধ্যক্ষ জি বিদাইক তেওঁ বি টি চি অঞ্চল বা অসমত লগ পোৱা নায়।

এন ডি এফ বি (স)ৰ উক্ত সদস্যজনে আজি আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰি চেফৰাংগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে কয় যে জিলাখনৰ বিভিন্ন স্থানত এন ডি এফ বি (স)ৰ লগতে আন উগ্ৰপন্থী গোটৰ বিৰুদ্ধে নিয়মিত অভিযান চলাই অহা হৈছে।

কিছুদিন পূৰ্বে কোকৰাঝাৰৰ ৰিফু-চিৰাং বনাঞ্চলত সেনা আৰু আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযাত ম্যান্মাৰত প্ৰশিক্ষিত তথা ৰিন্দাও ব্ৰহ্মৰ সহযোগী এজন কেডাৰক নিহত কৰা হৈছিল বুলি নাথে লগতে উল্লেখ কৰে।