কোকৰাঝাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৩ জন; ৮ জন আহত

আজি সন্ধিয়া কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰি আৰক্ষী চকীৰ অধীনৰ ৰামফালবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে এটি ৭ বছৰীয়া শিশুকে ধৰি ৮ জন আহত হয়।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি কোকৰাঝাৰৰ ৰামফাবিলৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এন এল ০১ এল ৭৩১৭ নম্বৰৰ এখন গধূৰ বাহনে এ এছ ১৬ এচি ০৪৩৮ নম্বৰৰ যাত্ৰীবাহী মেজিকখনক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে যাত্ৰীবাহী মেজিকখন কোকৰাঝাৰৰ চেৰফানগুৰিলৈ গৈ আছিল।

আনহাতে দুৰ্ঘটনাটোত ঘটনাস্থলীতে দুগৰাকী মহিলাই মৃত্যুক আঁকোৱালি লয়। নিহত মহিলা দুগৰাকীৰে এগৰাকী আফালগাঁৱৰ অলকা বসুমতাৰী (৩২) আৰু আনগৰাকী চিৰাঙৰ চ’ট’ নিলিবাৰীৰ ৰেণুকা ৰয়(৫০) বুলি চিনাক্ত কৰা হৈছে.

ইফালে চেৰফানগুৰিৰ দেবেৰাগাঁৱৰ কিৰোদিনি অধিকৰি (৬৫) গুৰুতৰভাবে আহত হোৱাত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে মৃত্যু হয়।

তাৰোপৰি দুৰ্ঘটনাটোত আন গুৰুতৰভাৱে আহত সকলক পৃথক তিনিখন চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ক্ৰমে মিথুন বসুমতাৰী (৭), মিলি নাৰ্জাৰী(১৬), জিনা নাৰ্জাৰী(১৮), মেনকা নাৰ্জাৰী (১৮), বিপুল (৪২) আৰু উৰিয়ানা মুছাহাৰী(২৩)ক কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে গুৰুতভাৱে আহত চেৰফাংগুৰিৰ ৰেণুকা ৰইক নামনি অসমৰ চিকিৎসালয়ত আৰু যাত্ৰীবাহী মেজিকখনৰ চালক সোমেশ্বৰ গয়াৰীক এম আৰ এম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত অলকা বসুমতাৰী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মিথুন বসুমতাৰীৰ মাতৃ বুলি জানিব পৰা গৈছে।