NORTHEAST NOW (Assamese)

কোকৰাঝাৰত সংহাৰী ৰূপ ধাৰণ কৰা বানে গৃহহাৰা কৰিলে ১৫ টা পৰিয়াল

July 5, 2018 9:30 pm · ৰিনয় বসুমতাৰী

বিগত প্ৰায় কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে নামনি অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাতো বানে সংহাৰী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ জিলাৰ গংগীয়া নদীৰ বাঢ়নি পানীয়ে জিলাখনৰ গোসাঁইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে পলুগুৰি গাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ খেতিপথাৰ জলমগ্ন হোৱাত অঞ্চলবাসীৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

উল্লেখ্য যে উক্ত নদীৰ বাঢ়নি পানীয়ে গাঁওখনৰ এখন নিম্ন প্ৰাথমিক বিদ্যালয় আৰু ১৫ টা ঘৰ খহনীয়াত জাহ যোৱাৰ লগতে যোৱা দুদিনত বানপানীৰ কৱলত পৰা অন্য ২০ টা পৰিয়ালকো অন্য সুৰক্ষিত ঠাইলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

গৰাখহনীয়াৰ কৱলত পৰা গাঁওবাসীয়ে দীৰ্ঘদিনৰ পৰাই গৰাখহনীয়া ৰোধ কৰাৰ দাবীত বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই আহিছিল যদিও কৰ্তৃপক্ষই কোনো কাণষাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁলোকে কয় যে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ইয়াৰ আগেয়ে এই অঞ্চল পৰিভ্ৰমণ কৰি গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আজিলৈ কাৰ্যক্ষম নহ’ল।

কোকৰাঝাৰত যোৱা দুটা দিনত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে যদিও কিছু পৰিমানে বান পৰিস্থিতি স্বাভাৱিক হোৱা বুলি জানিব পৰা গৈছে।

Related News