কোকৰাঝাৰত ৰে’লৱে ট্ৰেকত পাইখানা কৰি থাকোতে ৰে’লৰ খুন্দাত এজনী কিশোৰীৰ মৃত্যু

কালি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত চালাকাটি ৰে’লৱে ট্ৰেকত আৰ্থিক অনাটনৰ বাবে পিতা – পুত্ৰই আত্মহত্যা কৰা ঘটনাৰ শোক মাৰ নৌযাওঁতেই আকৌ আজি মৃত্যুক সাৱটি ল’ব লগীয়া হ’ল এজনী কিশোৰীয়ে ।

কোকৰাঝাৰ ৰেলৱে ষ্টেশ্যনৰ আৰক্ষী বিষয়া কে. বসুমতাৰীয়ে ঘটনা সম্পৰ্কে সদৰী কৰা মতে আজি পুৱা ৭.৩০ মান বজাত কোকৰাঝাৰ ৱাৰ্ড নং ৯ নং মেজিষ্ট্ৰেট কলোণীৰ এজনী ৭ বছৰীয়া কিশোৰীয়ে ঘৰৰ ওচৰতে থকা ৰেলৱে ট্ৰেকত পাইখানা কৰি থকা সময়তে এখন মালবাহী ৰেলৰ খুন্দাত থিতাতে মৃত্যুক সাৱটি ল’বলগীয়া হয় ।

ৰে’লৰ খুন্দাত মৃত্যু হোৱা কিশোৰী গৰাকী কোকৰাঝাৰ ৯ নং মেজিষ্ট্ৰেট কলোণীৰ গনেশ ৰায়ৰ ছোৱালী তথা কোকৰাঝাৰ ৰূপণাথ ব্ৰহ্ম প্ৰাথমিক বিদ্যালয়ৰ ‘ক” শ্ৰেণীৰ ছাত্ৰী সৰস্বতী ৰায় (৭)  বুলি চিনাক্ত কৰা হৈছে ।

এইফালে পিতৃ গনেশ ৰায়ে সদৰী কৰা মতে বৰ্তমান চৰকাৰে স্বচ্ছ ভাৰত অভিযানৰ আধাৰত ঘৰে – ঘৰে পাইখানা কৰা সুবিধাৰ বাবে পাইখানা ঘৰ নিৰ্মাণ কৰি দি আছে যদিও কোকৰাঝাৰ চহৰৰ মাজতে থকা ৯ নং ৱাৰ্ডক ঢ়ুকি পোৱা নাই এই চৰকাৰৰ অভিলাষী আঁচনিয়ে । অৱশ্যে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত পাইখানা ঘৰ নিৰ্মাণৰ বাবে আবেদন- নিবেদন কৰি অহা হৈছিল ।

চৰকাৰৰ  এই অভিলাষী আঁচনিৰ পাইখানা ঘৰ পোৱাহেঁতেন এনে কৰুণ মৃত্যু ঘটনা হ’বলৈ নাপালেহেঁতেন বুলি কৈ দুখ প্ৰকাশ কৰিছে মৃত কিশোৰীগৰাকীৰ পিতৃ গনেশ ৰায়ে ।