NORTHEAST NOW (Assamese)

কোকৰাঝাৰৰ জলডোবাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু

April 12, 2018 9:15 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰে সন্ধিয়া কোকৰাঝাৰৰ জলডোবাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন বাইক আৰোহী নিহত হয়।

উল্লেখ্য যে এখন বাইক আৰু সন্মুখৰ পৰা অহা দ্ৰুতবেগী বাছৰ মাজত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাটোত বাইক আৰোহী দুজন ক্ৰমে দীপক মাৰাক আৰু প্ৰকাশ চাংমাই কৰুণ মৃত্যুক আকোৱালি লয়।

জানিব পৰা মতে দুৰ্ঘটনাতো সংঘটিত হোৱাৰ পিছতেই আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত বাইক আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু চিকিৎসালয়লৈ নি থকা অৱস্থাতে বাইক আৰোহী দুজনে মৃত্যুক সাৱতি লয়।

আনহাতে দুৰ্ঘটনা সম্পৰ্কত প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে দুৰ্ঘটনাটোত বাছখনৰ বিশেষ ক্ষতি হোৱা নাই। দ্ৰুতবেগী বাছখনৰ লগত বিপৰীত পিনৰ পৰা অহা তীব্ৰবেগী বাইকখনৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী দুজন ছিটিকি পৰে। ফলত বাইক আৰোহী দুজন বেয়াকৈ আঘাতগ্ৰস্ত হয় আৰু পাছত দুয়োজনৰে মৃত্যু হয়।

Related News